27
May
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/xx.jpg?itok=g0Van9lw)
অপুৰ্ব বৰা, তেজপুৰঃ "মাউখে উটিলে গুৰিপৰুৱাৰো মৰণ নাই"। আহক সকলোৱে মিলি, সকলোৱে হাত প্ৰসাৰিত কৰি তেজপুৰৰ নিকটৱৰ্তী তেলেৰীয়া নিৱাসী আৰু ডেকাৰগাঁও হাইস্কুলৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনক মগজুৰ জটিল ৰোগৰপৰা সুস্থ কৰি জীয়াই ৰাখোঁ।
এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শইকীয়া চুবুৰি মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ধ্ৰুৱজ্যোতি বৰা, তেলেৰীয়া নিবাসী বলেন বৰা আৰু ভাৰতী বৰাৰ কনিষ্ঠ পুত্ৰৰ জতিল ৰোগত আক্ৰান্ত হোৱাত শিক্ষক গোট আৰু ছত্ৰ-ছাত্ৰী কল্যাণ পুঁজিৰ পৰিচালনা সমিতিৰ সভাপতি অজিত শইকীয়া আৰু শিক্ষক গোটে চিকিৎসাৰ বাবদ ৭৫০০ টকা সাহাৰ্য আগবঢ়ায়৷