30
Mar
2019
তেজপুৰঃ তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে শনিবাৰে কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে।
তেওঁৰ নামটোক লৈ হিমন্ত বিশ্বই কৰা ব্যংগ 'কুইজ’, তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে ক’লপাৰ্কৰ হিচাপ দাখিল নকৰা আৰু তেজপুৰৰ পাহাৰৰ মাটিৰ লেন-দেনৰ অভিযোগ উত্থাপন কৰিছিল।
এই সন্দৰ্ভত ভানুৱে কয় যে চৰকাৰ যিহেতু বিজেপিৰ হাতত, গতিকে দুৰ্নীতিৰ অভিযোগ থাকিলে তদন্ত দিব লাগে। তেতিয়া সকলো সত্য ওলাই পৰিব। নিৰ্বাচনৰ সময়ত তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ চলোৱা হৈছে সেয়া অপপ্ৰচাৰৰ বাদে আন একো নহয়।