newsnextone.com | ডিজিটেল ডেস্কঃ ইতিমধ্যে অভিযান সমাপ্ত ঘোষণা কৰিলে থাইলেণ্ড প্ৰশাসনে৷ সমগ্ৰ বিশ্বই শান্তিৰে উশাই ললে বিগত ১৮ দিনৰ মূৰকত৷ শ্বাসৰুদ্ধকাৰ পৰিবেশৰ অন্তত বিগত ১৮ দিনেই যুঁজ দি সফলতা লাভ কৰিছে থাইলেণ্ড চৰকাৰে৷ থাইলেণ্ডৰ আৰক্ষীৰ পৰা আৰম্ভ কৰি নৌ সেনা, বায়ু সেনা, পাৰ্গত ডুবাৰু, সেনা, দুৰ্যোগ প্ৰশমণ বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত গুহাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল আটাইকেইজন কিশোৰ৷ সমগ্ৰ বিশ্বই বিশ্বকাপ ফুটবলৰ মেচ চোৱাত ব্যস্ত হৈ থকাৰ সময়তে আজিৰ পৰা ১৮ দিন পূৰ্বে এই অঘটন সংঘটিত হৈছিল থাইলেণ্ডত৷

খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰিছিল৷ তাৰ পিছতে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও বাৰে বাৰে বৰষুণে চেষ্টাক বিফল কৰিছিল৷ সমগ্ৰ দেশে এই উদ্ধাৰ অভিযানত সহায় কৰিছিল৷ অভিযান সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিল সমগ্ৰ থাইলেণ্ডবাসীয়ে৷ বৃহৎ বৃহৎ পানী সিঁচা মেচিনেৰে গুহাৰ পৰা হাজাৰ হাজাৰ লিটাৰ পানী প্ৰতিঘণ্টাত উলিয়াই অনা হৈছিল৷ পাইপ বহুৱাই কিশোৰসকল থকা স্থানলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছিল৷ প্ৰতিমুহূৰ্তত যোগাযোগ ৰক্ষা কৰি চলিছিল উদ্ধাৰকাৰী দলে৷

তাৰ পিছতে যোৱা তিনিদিন বৰষুণ দিবলৈ এৰাত ৯-১০ জুলাইত এই অভিযানে সফলতা লাভ কৰে৷ যোৱা ১৭ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল৷ সোমবাৰে অৰ্থাৎ ৯ জুলাইত গুহাৰ পানী প্ৰায় কমাই পেলোৱা হয়৷ সোমবাৰে পুৱাই প্ৰথম অভিযানত পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰীৰ দল৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয় সোমবাৰেই৷ দ্বিতীয় অভিযানত পুনৰ সফলতা লাভ কৰে আৰু তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ 

মঙলবাৰে পুৱাই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়৷ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয় দিনৰ প্ৰথমটো অভিযানো বহু সফল হয় উদ্ধাৰকাৰী দল৷ মঙলবাৰৰ পুৱাই প্ৰথমটো অভিযানত বিশেষ সফলতা লাভ কৰি ২ জন কিশোৰাক উলিয়াই আনে৷ পুনৰ চলোৱা অভিযানত প্ৰশিক্ষক সহ দুজন কিশোৰ ফুটবলাৰক উলিয়াই আনিবলৈ সক্ষম হয়৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৮ দিনত ভৰি দিয়াৰ দিনটোত আটাইকেইজন কিশোৰক উদ্ধাৰ কৰাত বিশ্ববাসীয়ে স্বস্তিৰ নিশ্বাস লয়৷   

উত্তৰ থাইলেণ্ডত বাঢ়নী পানীৰ পৰিপূৰ্ণ গুহাটোত ১৮ দিন ধৰি আবদ্ধ ১২ কিশোৰ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ অভিযানত উদ্ধাৰকাৰীয়ে ৯ জুলাইলৈ মুঠ ৮ জন সদস্যক গুহাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল৷ 

ইয়াৰ পিছতে মঙলবাৰে পুনৰ উদ্ধাৰকাৰীৰ দলে প্ৰশিক্ষকসহ আবদ্ধ কিশোৰকেইজনক উদ্ধাৰৰ বাবে অভিযান চলাই পুনৰ ২ জনক গুহাৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে মুঠ ১৩ জন সদস্যক উদ্ধাৰ কৰে উদ্ধাৰকাৰীৰ দলে৷ 

ইফালে ১৭ দিন ধৰি গুহাৰ ভিতৰত আবদ্ধ হৈ শেষত উদ্ধাৰ হোৱা কিশোৰকেইজনৰ মুখত ভয়ৰ ভাৱ নেদেখি আচৰিত হৈ পৰিছে থাইলেণ্ড প্ৰশাসন৷ ইমান কষ্টৰ পিছতো সৰু সৰু কিশোৰকেইজন কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷

উদ্ধাৰ অভিযানৰ উপ-সঞ্চালকে এই সন্দৰ্ভত বিবিচিৰ সৈতে হোৱা বাৰ্তালাপত কিশোৰ কেইজন শান্ত হৈ থাকিব পৰা ৰহস্য ফাদিল কৰে৷ তেওঁ কয় যে ফুটবল দলটোৰ প্ৰশিক্ষকগৰাকী প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে এগৰাকী বৌদ্ধ সন্ত আছিল৷ সেয়ে তেওঁ গুহাৰ ভিতৰত কিশোৰকেইজন কেনেদৰে শান্ত হৈ থাকিব পাৰি তাৰ প্ৰশিক্ষণ দিছিল৷

আনহাতে, উদ্ধাৰ হোৱা কিশোৰ কেইজনক উদ্ধাৰৰ পিছতে চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷ সূত্ৰই জানিবলৈ দিয়া মতে, কিশোৰ কেইজন প্ৰয়া সুস্থ হৈয়ে আছে৷ 

মঙলবাৰে পুৱাৰ ভাগত এলেকাটোত হোৱা প্ৰচণ্ড বৰষুণে উদ্ধাৰকাৰ্যত বাধা প্ৰদান কৰিব বুলি আশংকা কৰা হৈছিল যদিও জানিব পৰা মতে সময়ৰ লগে লগে উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হয়৷

১২ গৰাকী ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ সময়ত ৬ জুলাইত আন এক দুৰ্ঘটনা সংঘটিত হৈছিল৷ উদ্ধাৰৰ বাবে যোৱা উদ্ধাৰকাৰী দলৰ এজন প্ৰাক্তন নেভী ছীল কমাণ্ডাৰ চমন গুনানৰ গুহাৰ পৰা অভটি অহাৰ পথত অক্সিজেনৰ অভাৱত মৃত্যু ঘটে৷ 

উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও প্ৰতিকূল বতৰৰ বাবে অভিযানত ব্যাঘাত জন্মাছিল৷ বতৰ বিভাগে সেই অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননীও প্ৰদান কৰিছিল৷

তাৰ পিছতে অক্সিজেনৰ অভাৱত নেভী ছীল কামাণ্ডোৰ মৃত্যু ঘটাৰ পিছত গুহাত আবদ্ধ ১১-১৪ বছৰীয়া ফুটবল খেলুৱৈ কেইজনৰ সুৰক্ষিত অৱস্থাত উদ্ধাৰক লৈ প্ৰশ্নৰ উত্থাপন হৈছিল৷ কিন্তু ৰৈ থকা নাছিল থাই প্ৰশাসন৷ অৱশেষত অশেষ কষ্টৰ মূৰকত আটাইকেইজন কিশোৰ বাহিৰলৈ ওলাই আহে৷ 

উল্লেখ্য যে, চিয়াং ৰায় প্ৰান্তৰ থাম লুৱাংগ গুহাত ধাৰাসাৰ বৰষুণৰ বাবে আবদ্ধ হৈ পৰিছিল ১২ গৰাকী ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক৷ গুহাৰ চৌপাশে বানৰ সৃষ্টি হোৱাৰ ফলত তেওঁলোক গুহাৰ ভিতৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিও বিফল হয়৷ গুহাৰ চাৰিওফালৰ পথ বিপদ সংকুল আৰু বোকাময় হৈ পৰাত উদ্ধাৰকাৰী দলেও উদ্ধাৰ অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছিল৷

প্ৰথমে প্ৰত্যাহ্বান হিচাপে থিয় দিছিল বৰষুণে৷ প্ৰতিকূল বতৰ আমাৰ বাবে বাৰে বাৰে উদ্ধাৰ অভিযানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷ বাৰে বাৰে গুহাৰ ভিতৰত জলপৃষ্ঠ বৃদ্ধি হৈ খেলুৱৈ কেইজনৰ জীৱন অধিক বিপদাপন্ন কৰিছিল৷

জানিব পৰা মতে, গুহাৰ প্ৰৱেশ মুখৰ পৰা শিশু আৰু প্ৰশিক্ষকজনে আশ্ৰয় লৈ থকা ঠাইত উপস্থিত হ’বৰ বাবে ১১ ঘণ্টাৰ সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰে যাওতে ৬ ঘন্টা আৰু উভটি আহোতে ৫ ঘন্টা সময় লাগে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, গুহাৰ পৰা প্ৰায় কেইবা হাজাৰ মিলিয়ন লিটাৰ পানী পাম্পৰ জৰিয়তে বাহিৰ কৰা হয়৷

উদ্ধাৰ কাৰ্যত পানীত কীট পতংগ আৰু গছৰ ঠাল-ঠেঙুলি আদিও অলুবিধা দিছিল৷ যাৰ পৰা কিশোৰকেইজন আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছিল৷ গুহাৰ প্ৰৱেশ দ্বাৰেদি প্ৰৱেশ কৰি উদ্ধাৰ অভিযান চলোৱাৰ বাহিৰেও পাহাৰীয়া ক্ষেত্ৰৰ খনন কৰি উদ্ধাৰ কাৰ্য চলোৱাৰ বিকল্পৰ কথাও প্ৰকাশ কৰিছিল৷ কিন্তু সেয়া অতি কঠিন কাৰ্য হ’ব বাবেই সেই পৰামৰ্শ পৰিহাৰ কৰিছিল৷ 

গুহাৰ ভিতৰত পানী বৃদ্ধি ৰোধ কৰিবলৈ গুহাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছিল৷ থাই নৌ বাহিনীয়ে গুহাৰ ভিতৰত জমা হোৱা পানী বাহিৰলৈ উলিওৱাৰ বাবে দিনে নিশাই লাগি পৰিছিল৷