ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি বিনোদা একাডেমীত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে৷ স্থানীয় ৭খন বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মুঠ ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীক এই সভাত একোখন শৰাই মান পত্ৰ আৰু গামোছাৰে সম্বৰ্ধনা জনায়৷
ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কিৰণ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয় খনৰ অধ্যক্ষ দুলাল নাথ, উলুবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক পংকজ কান্তি দেৱৰয়, জহামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ঐশ্বৰ্য্য শৰ্মা, বিনোডা একাডেমীৰ অধ্যক্ষ সংঘমিত্ৰা সৰকাৰ, ৰবীন্দ্ৰ বিদ্যাভৱনৰ প্ৰধান শিক্ষক আহমেদ আলি, যুগল হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো আদিৰ লগতে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে৷
সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰৱীন চন্দ্ৰ নাথে ভাষণ প্ৰদান কৰি শিক্ষালাভৰ লগতে সুস্থ সমাজ গঢ়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকল আদৰ্শবান হ’বলৈ আহ্বান জনায়৷ একোজন সফল মানৱ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব লাগিব৷ তেন্তে শিক্ষা লাভৰ সাৰ্থকতা হ’ব বুলি কয়৷ ঠেলামৰা হাইস্কুলৰ শিক্ষক অজয় শৰ্মা, বিষয় শিক্ষক বলিন দাস, বিজন সৰকাৰ, আবুল ইছলাম আদিৰ তৎপৰতাত পৰীক্ষাকেন্দ্ৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা সভাখনত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ইতিবাচক প্ৰভাব পেলাব বুলি কব পাৰি৷