anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত দেওবাৰে বিয়লি আকাশ মেঘাচ্ছন্ন হৈ দিনতে নিশাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়। প্ৰবল ধুমুহা, শিলাবৃষ্টি, বৰষুণৰ ফলত জন জীৱন ব্যাহত হৈ পৰে। ইতিমধ্যে দেশৰ কেইবাটাও বিমান বন্দৰৰ পৰা বিমানৰ উৰণ বাতিল কৰা হৈছে।

দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বতৰৰ বাবে ১০খন বিমানৰ উৰণ বাতিল কৰে৷ গাজিয়াবাদ, দিল্লী, শ্ৰীনগৰ, অমৃতসৰ, হাৰিয়ানা, গুৰুগ্ৰাম আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল ধুুমুহা, বৰষুণ আৰু ঠায়ে ঠায়ে শিলাবৃষ্টিয়ে স্বাভাৱিক জনজীৱন ব্যাহত কৰি তোলে৷ বিভিন্ন প্ৰান্তত বিদ্যুতৰ সেৱা ব্যহত হৈ থকাৰ খবৰ আহিছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এখন সভাৰ পেন্দেল ভাঙি পেলাই বতাহে।  

আনহাতে সোমবাৰে পশ্চিমবংগত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণক লৈ সকলো প্ৰস্তুতিৰ সম্পূৰ্ণ হোৱাৰ সময়তে দেওবাৰে আকাশ ক’লা কৰি অহা প্ৰৱল বৃষ্টি আৰু ধুমুহাই ৰাজ্যখনত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণক লৈ আশংকাৰ সৃষ্টি কৰে৷ 

ৰাজ্যখনত দুপৰীয়াৰ ভাগত নামি অহা প্ৰৱল বৰ্ষাপাত আৰু ধুমুহা-বজ্ৰপাতে ৰাজ্যখনৰ কেইবাখনো জিলাৰ ক্ষতিসাধন কৰে৷ নদিয়া জিলাৰ জলংগিত বজ্ৰপাতৰ ফলত এজন লোকৰ মৃত্যু ঘটে৷ ইফালে উত্তৰ আৰু দক্ষিণ বংগৰ বিভিন্ন জিলাত দুপৰীয়াই নামি আহে নিশাৰ অন্ধকাৰ৷

উল্লেখ্য যে, কলিকতা সহ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত দেওবাৰে প্ৰৱল ধুমুহা-বৰষুণ অহাৰ আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই৷ দেওবাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী সঁচা প্ৰমাণিত কৰি ৰাজ্যখনৰ বিভিন্ন এলেকাত ঘন্টাত ৪০ কিঃ মিঃ বেগত প্ৰৱল ধুমুহা বলে৷ আনহাতে ৰাজ্যখনৰ কেইবাঠাইতো শিলাবৃষ্টি হয়৷ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত গছ, বিদ্যুত খুঁটা আদি ভাঙি পৰাত যাতায়ত ব্যহত হৈ পৰে৷   

আনহাতে ধুমুহা-বৃষ্টিপাতৰ ফলত সোমবাৰে পুৱাৰ পৰা ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত ভোট গ্ৰহণ কেন্দ্ৰ ব্যঘাত জন্মাৰ সম্ভাৱনা প্ৰকাশ কৰিছে প্ৰশাসন তথা নিৰ্বাচনী আয়োগে৷