newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ চতুৰ্থটো দিন দুয়োখন সদন উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে ৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত পুনৰ সংসদ উত্তপ্ত কৰাৰ লগতে গো ৰক্ষাৰ নামত হত্যাৰ বিৰুদ্ধে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন দলে সংসদ উত্তপ্ত কৰিব পাৰে। 

আনহাতে, টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদৰ মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত মঙলবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী জনায়। আনহাতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদসকলে গো হত্যা ৰোধৰ নামত হত্যাকাণ্ড ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে গো হত্যা ৰোধৰ নামত সংঘটিত হত্যাকাণ্ড ৰোধ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে।

টিডিপিয়ে উত্থাপন কৰা অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত চৰ্চা আৰু ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছতোঁ টিডিপিয়ে সংসদত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ দৰেই মঙলবাৰে পুৱাৰে পৰাও আৰম্ভ হোৱা সদন পুনৰ উত্তপ্ত কৰি তোলে। অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰেদশ ৰাজ্যৰ পুনৰ গঠন কৰাৰ দাবী জনাই পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে৷ টিডিপি দলৰ সাংসদসকলে সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ থিয় দি প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংসদ সকলে বিভিন্ন শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷  

বৰ্ষাকলীন অধিবেশনত বিৰোধিয়ে চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰে৷ ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ পূৰ্বেই মোডী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ, চিপিআইএম, তেলেগু দশম, ৱাইএছআৰ কংগ্ৰেছ আদিয়ে অবিশ্বাস প্ৰস্তাৱ আদিকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰাৰ ফলত বাজেট অধিবেশনৰ দৰেই বৰ্ষাকালীন অধিবেশনো অচল হৈ পৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে৷

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিবেশ ১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ ইতিমধ্যে দেশৰ প্ৰতিটো দলে চৰকাৰক ঘেৰিবলৈ সাজু হৈছে৷