আগৰতলাঃ ,শুকুৰবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে৷ ত্ৰিপুৰাৰ ২৫ বছৰীয়া বামপন্থীৰ ৰাজত্বক তচনচ কৰা বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপাল তথাগত ৰয়ে শপত বাক্য পাঠ কৰোৱায়৷
A piece of unprecedented gathering at Tripura to watch and listen PM Shri @narendramodi Ji on 15-02-2018 pic.twitter.com/AoN1TUUvM9
— BJP Tripura (@BJP4Tripura) February 17, 2018
ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰাইফলছ মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপালে গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়৷
Shri @BjpBiplab takes oath as the Chief Minister of Tripura. Watch LIVE at https://t.co/Hi0eFTuJ73 and https://t.co/8i7dfSvcPA #NewTripura pic.twitter.com/NnlxSIOlkX
— BJP LIVE (@BJPLive) March 9, 2018
আনহাতে বিজেপিৰ নেতা জিষ্ণু দেৱ বৰ্মানে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷ বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰিছিল৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিজেপিয়ে ইতিহাস ৰচনা কৰে৷
Shri @BjpBiplab takes oath as the Chief Minister of Tripura. Watch at https://t.co/BX63v5xEyZ #NewTripura pic.twitter.com/4wwrnVKSEj
— BJP (@BJP4India) March 9, 2018
উল্লেখ্য যে, ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা ফলাফল অনুসৰি ৬০ খন আসনৰ ভিতৰত বিজেপি দলে ৩৫খন আসনত বিজয় সাব্যস্ত কৰে৷ সংবাদ মাধ্যমে এই ফলাফলৰ বাবে মুল হোতা বিপ্লৱ কুমাৰ দেৱ বুলি কব খোজে৷ ত্ৰিপুৰাৰ বনমালী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে বিধায়ক ৰূপে৷ বিপ্লৱ দেৱৰ ১৯৬৯ চনৰ ২৫ নৱেম্বৰত ত্ৰিপুৰাৰ গোমতী জিলাৰ ৰাজধৰ নগৰ গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল৷
Tripura Governor Shri @tathagata2 welcomed PM @narendramodi to Agartala. pic.twitter.com/wxM9juhQLQ
— PMO India (@PMOIndia) March 9, 2018
তেওঁৰ পিতৃ হৰাধন দেৱ জনসংঘৰ স্থানীয় নেতা আছিল৷ ত্ৰিপুৰাৰ উদয়পুৰ কলেজৰ পৰা বিপ্লৱ দেৱে ১৯৯৯ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ তাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈছিল৷ দিল্লীত বিপ্লৱ দেৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হিচাপে জড়িত হৈ ১৬ বছৰ সংঘৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল৷ বিপ্লৱ দেৱে সংঘৰ জেষ্ঠ নেতা গোবিন্দ আচাৰ্য আৰু কৃষ্ণগোপাল শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লৈছিল৷
Agartala: Jishnu Dev Burman takes oath as the Deputy Chief Minister of #Tripura pic.twitter.com/BQ7VTDv96N
— ANI (@ANI) March 9, 2018
শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে৷