আগৰতলাঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানে অভিলেখ গঢ়ি ৩ বজালৈকে ৬৫ শতাংশ লোকে ভোটদান কৰে৷ জানিব পৰা মতে, ৰাজ্য খনৰ বহু ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন খেলিমেলিৰ বাবে বহু পলমকৈ ভোটদান আৰম্ভ হৈছে৷

সেই সমূহ ভোট কেন্দ্ৰত ৪টা বজাৰ পিছতো ভোট দান অনুষ্ঠিত হ’ব৷ বৰ্তমানেও বহু কেন্দ্ৰত ১০০০ পৰ্যন্ত লোক লাইনত থিয় হৈ থকা দেখা যায়৷ নিৰ্বাচন আয়োগ ঘোষণা কৰা মতে পুৱাৰে পৰা যঠেষ্ট সংখ্যাক লোকে ঘৰৰ পৰা ওলাই আহে আৰু ভোটদান সাব্যস্ত কৰে৷ আনহাতে ৰাজ্য খনৰ আৰক্ষী, চিআৰপিএফ আৰু আইটিবিএফে নিৰাপত্তাব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷ চিচিটিভিৰেও নিৰীক্ষণ কৰা হৈছে কেন্দ্ৰ সমূহ৷ ৫৯ সমষ্টিত অনুষ্ঠিত হোৱা ভোটদানত বৰ্তমানলৈ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈছে৷ চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য এলেকাত ৰাইজে অত্যাধিক ভোটদান প্ৰদান কৰে৷ মহিলাই পুৱাৰ ভাগত বেছিকৈ ওলাই আহে৷ দেওবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হৈছে৷

৩৭ লাখৰ জনসাধৰণৰ ৰাজ্য খনত ২৬ লাখ ভোটাৰে নিজ নিজৰ মতদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ ৩,২১৪টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই মহিলাৰ সংখ্যা বেছি দেখা যায়৷ লাইনত থিয় দিয়া লোকৰ ভিতৰত মহিলাৰ সংখ্যা বেছি দেখা যায়৷ দেওবাৰে ৫৯ সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে৷ চাৰিলম সমষ্টিৰ চিপিআইএমৰ প্ৰৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷

যাৰ ফলত চাৰিলম সমষ্টিত ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মাথো ৬০টা বিধান সভা সমষ্টিৰ পাহাৰীয়া আৰু জনজাতিয় লোকে বাস কৰা ৰাজ্য খনত এইবাৰৰ দৰে নিৰ্বাচনৰ গৰম বতাহ কেতিয়াও দেখা নাই ৰাইজে৷ হয়তো ৰাইজেও ইয়াৰ পূৰ্বে নিৰ্বাচনক লৈ ইমান গুৰুত্বও প্ৰদান কৰা নাছিল৷

২০১৩ চনৰ বিধান সভা নিৰ্বাচনত ৪৯ খন আসন লাভ কৰিছিল চিপিআইএমে ৷ ১০ খন আসন কংগ্ৰেছে লাভ কৰিছিল আৰু চিপিআইয়ে এখন আসন লাভ কৰিছিল ১ খন আসন৷ বিজেপিয়ে শূণ্যতেই আছিল৷ কংগ্ৰেছে ২০১৩ চনত ৩৬ শতাংশ ভোট লাভ কৰিছিল৷ বিজেপিয়ে মাথো ১.৫ শতাংশ লাভ কৰিছিল৷ কিন্তু কংগ্ৰেছৰ বিপৰীতে শাসকীয় দলক বিজেপিয়ে প্ৰত্যাহ্বান জনায় এইবেলি৷