ডিজিটেল ডেস্কঃ আমেৰিকাৰ নাগৰিকৰ হিতৰ সৈতে কোনোধৰণৰ আপোচ নকৰাৰ বাবে 'বাই আমেৰিকান, হায়াৰ আমেৰিকান’ শীৰ্ষক এক নতুন কাৰ্যবাহী নিৰ্দেশ জাৰি কৰিছে ট্ৰাম্প প্ৰশাসনে। এতিয়াৰপৰা কেৱল আমেৰিকাৰ নাগৰিকেহে অগ্ৰাধিকৰ পাব কামৰ ক্ষেত্ৰত।

আজি H-1B ভিছাৰ ক্ষেত্ৰত কঢ়া নিয়মৰ দলিলত স্বাক্ষৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে মাৰ্কিন প্ৰব্ৰজন নীতিৰ সুৰুঙাৰ বাবেই বিদেশী নাগৰিকে আহি যুক্তৰাষ্ট্ৰখনত মাৰ্কিন নাগৰিকৰ প্ৰাপ্য চাকৰি ভোগ কৰি আছে। কোম্পানীয়ে কম বেতনতে বিদেশী কৰ্মচাৰী ৰখাৰ ফলত মাৰ্কিন নাগৰিকে চাকৰি নোপোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই প্ৰথা এতিয়া অন্ত পৰিব বুলি কয় ট্ৰাম্পে।

ভিজা লটাৰীযোগে দিয়াৰ প্ৰথা সম্পুৰ্ণ ভূল বুলি কোৱা ট্ৰাম্পে কয় যে এতিয়াৰপৰা কেৱল সৰ্বোচ্চ কৌশলধাৰী লোককহে দিয়া উচিত। কম বেতন দি নিম্ন কৌশলধাৰী ব্যক্তিক ৰখাৰ কোম্পানীবোৰে নীতি সলনি কৰিব লাগিব বুলি ট্ৰাম্পে ঘোষণা কৰে।

'হায়াৰ আমেৰিকান’ নীতি সকলোৱে অনুসৰণ কৰিব লাগিব আৰু বেতনৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰিব নোৱাৰিব কোম্পানীয়ে- এনেদৰে হোৱাইট হাউছত মন্তব্য কৰে ট্ৰাম্পে।

তাৎপৰ্যৰ কথা এয়ে যে H-1B ভিছাৰ যোগেদি ৬৫ হাজাৰ বিদেশী নাগৰিকক চাকৰি দিয়া হয় আমেৰিকাত। ইয়াৰ ওপৰি ২০ হাজাৰ ভিছা দিয়া হয় উচ্চ অৰ্হতাসম্পন্ন লোকৰ বাবে। তদুপৰি নন প্ৰফিট সংস্থাত কাম কৰাৰ বাবেও দিয়া হয় অতিৰিক্ত ভিছা।  

উল্লেখ্য যে বছৰি হাজাৰ হাজাৰ ভাৰতীয়ই H-1B ভিছাৰে আমেৰিকাৰ কোম্পানীবোৰত নিযুক্ত হয়। ট্ৰাম্পৰ এই নীতিৰ ফলত প্ৰবাসী ভাৰতীয়ৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।