গুৱাহাটীঃ আগন্তক লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ৰাজ্য মুঠ ভোটাৰৰ সংখ্যা। সেই অনুসৰি এইবাৰ লোকসভাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ২,১৯,৯১,১১২ গৰাকী বুলি জানিব পৰা গৈছে। 

ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ১,১২,৩৫,১২৯ গৰাকী, মহিলা ভোটাৰ আছে ১,০৭,৫৫,৪৯২ গৰাকী। তাৰোপৰি ৪৯১ গৰাকী তৃতীয় লিংগ ভোটাৰ। 

গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত এইবাৰ ২,৩০,৫০৮ গৰাকী নতুন ভোটাৰে ভোট দিবলৈ সুবিধা পাইছে৷ 

ইফালে, সমষ্টি হিচাপত ডিব্ৰুগড়ত ১৩,১২,১৯৬ গৰাকী, যোৰহাটত ১৩,৬০,৩২৮ গৰাকী, কলিয়াবৰত ১৭,৩১,৬১০ গৰাকী, তেজপুৰত ১৪,৯৬,৮৭৮ গৰাকী, লখিমপুৰত ১৭,০৪,৪৪৭ গৰাকী, কৰিমগঞ্জত ১৩,৩৮,০০৫ গৰাকী, শিলচৰত ১১,৯১,২৮৯ গৰাকী, ডিফু ৭,৯৫,০৮৫, মঙলদৈত ১৭,৯৫,৫২৯ গৰাকী, নগাঁওত ১৭,৯০,৬৮৪ গৰাকী, ধুবুৰীত ১৮,৫৬,১৬৮ গৰাকী, কুকুৰাঝাৰত ১৭,৬৫,৪২৩ গৰাকী, বৰপেটাত ১৬,৭৬,৮৫৪ গৰাকী আৰু গুৱাহাটীত ২১,৭৮,৬১৭ গৰাকী ভোটাৰ আছে৷

উল্লখ্য যে, এইবাৰ ৰাজ্যত মুঠ ২৮,১৪৩ টা ভোটগ্ৰহন কেন্দ্ৰ আছে বুলি জানিব পৰা গৈছে৷