ফটো খন প্ৰেৰণা পুথিভঁৰালৰ পৰা সংগ্ৰহ
ফটো খন প্ৰেৰণা পুথিভঁৰালৰ পৰা সংগ্ৰহ

গুৱাহাটীঃ এখন গ্ৰন্থৰ পৰা পোৱা সোৱাদ বিশ্বৰ আন একো খাদ্যই দিব নোৱাৰে৷ কেৱল ইমানেই নহয় গ্ৰন্থক মানুহৰ প্ৰকৃত সংগী বুলি কোৱা হয়৷ জীৱনৰ সংগী৷ গ্ৰন্থক ভালপোৱাৰ আসন খন নিজ পত্নী, সন্তান আৰু পিতৃ-মাতৃতকৈয়ো ওপৰত বুলি কব খোজে মানুহে৷ গ্ৰন্থই মানুহক সঠিক পথৰ সন্ধান দিয়ে৷ এন্ধাৰ দূৰ কৰি পোহৰ কঢ়িয়াই আনে গ্ৰন্থই৷ মনৰ পৰা দুঃচিন্তা আতৰাই সৎ পথৰ সন্ধান কৰিব পাৰে মানুহে গ্ৰন্থৰ জৰিয়তে৷ 

কিন্তু বৰ্তমানৰ সময়ত কিতাপৰ আদৰ কমা বুলি সময়ে সময়ে অভিযোগো উত্থাপন হয়৷ ছচিয়েল মিডিয়াৰ যুগত ছেল্ফি উঠাত ব্যস্ত থকা মানুহে কিতাপ পঢ়িব পাহৰি গৈছে নেকি বুলি সময়ে সময়ে প্ৰশ্ন উত্থাপন হয়৷ তাহানি কিতাপৰ টোপোলাৰে মানুহক বিয়াৰ শুভেচ্ছা, জন্মদিনৰ শুভেচ্ছা, প্ৰেয়সীক কিতাপৰ টোপোলা উপহাৰ দিয়া হৈছিল৷ কিন্তু এনে পৰম্পৰা বন্ধ হৈছে বুলি চৰ্চা হৈছে৷ আপোনজনক, মৰমৰ ছাত্ৰজনক মানুহে কিতাপৰ টোপোলা দিয়াৰ পৰিৱৰ্তে এতিয়া ছচিয়েল মিডিয়াত শুভেচ্ছা দিয়ে দায়িত্ব সামৰে বুলি প্ৰশ্ন উত্থাপন হয়৷ ছচিয়েল মিডিয়া আৰু মোবাইলত ব্যস্ত থকা মানুহে কিতাপৰ টোপোলাৰ কথা পাহৰি সকলো জ্ঞান-কিতাপ পঢ়াৰ সোৱাদ ইউটিউব, ফেচবুক, গুগলৰ পৰা আহৰণ কৰা বুলি অভিযোগ উত্থাপন হয়৷ 

কিন্তু এনে সকলো বোৰ অভিযোগক নস্যাৎ কৰি বিশ্বৰ পুথিভঁৰালত আজিও গন্থ পঢ়ুৱৈৰ সংখ্যা কমা নাই সেই কথা বাৰে বাৰে প্ৰমাণ হৈছে৷ আজিও আজৰি পৰত মানুহে গ্ৰন্থ অধ্যয়ন কৰিবলৈ পুথিভঁৰালত ভিৰ কৰে৷ ঘৰত আজৰি সময়ত মানুহে গ্ৰন্থ অধ্যয়ন কৰে৷ বহু লোকে উপাৰ্জনাৰ এটা অংশ কিতাপ কিনাত খৰচ কৰে৷ শেহতীয়াকৈ বিশ্বৰ কেইবাগৰাকী প্ৰখ্যাত লিখকৰ গ্ৰন্থই সমগ্ৰ বিশ্বত জনপ্ৰিয়তা লভিছে৷ আমাৰ ৰাজ্য অসমত আজিও গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা কমা নাই৷ আমাৰ অসমত কেইবাটাও পুথিভঁৰালত প্ৰতিদিনে মানুহে ভিৰ কৰে৷ উদাহৰণ স্বৰূপে নলবাৰী জিলাৰ প্ৰেৰণা পুঁথিভঁৰাল, হোজাইৰ চা’ছৰ কথা উল্লেখ কৰিব পাৰি৷

ছচিয়েল মিডিয়াৰ যোগাত্মক ব্যৱহাৰে সমাজ সাহিত্যৰ দিশতো উপকৃত হৈছে যদিও গ্ৰন্থৰ চাহিদা কমা নাই৷ এই কথা সমগ্ৰ বিশ্বতে প্ৰমাণ হৈছে৷ একাংশ সমাজ সচেতন লোকে ছচিয়েল মিডিয়াক ব্যাপক জনমত গঢ়াত ব্যৱহাৰ কৰি অহাৰ লগে লগে সাহিত্যৰ দিশতো ব্যৱহাৰ কৰিছে, এয়া সমাজৰ বাবে শুভ লক্ষণ৷ সমানে সমানে ছচিয়াল মিডিয়াত সক্ৰিয় লোকসকলে কিতাপ পঢ়াৰ অভ্যাস এৰিব নালাগে বুলিও চৰ্চা হয়৷ অসমৰ বহু ফেচবুক ব্যৱহাৰকাৰীয়ে ফেচবুকতে জনমত গঢ়ি গ্ৰন্থ মেলা, গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ তাৰ অন্যতম হৈছে বৰপেইটা ফেচবুক ফ'ৰাম৷ এই ফৰামৰ সৈতে জড়িত লোকসকলে অনুষ্ঠিত কৰি আহিছে বৰপেটা গ্ৰন্থ উৎসৱ৷

গ্ৰন্থ কথাৰ কিয় কৈছো৷ হয়, আজি ২৩ এপ্ৰিল অৰ্থাৎ বিশ্ব গ্ৰন্থ দিৱস৷ বিশ্বত আজি গ্ৰন্থ দিৱস পালন কৰা হৈছে৷ অসমতো বিভিন্ন ঠাইত আজি গ্ৰন্থ দিৱস পালন কৰা হৈছে৷ গন্থ পঢ়াৰ অভ্যাস গঢ়াৰ আৰু পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাই হৈছে গ্ৰন্থ দিৱসৰ উদ্দেশ্যে৷ ইতিহাস সম্বলিত গ্ৰন্থ, কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য, গাইড বুক, কেৰিয়াৰ বুক আদিয়ে মানুহক বিভিন্ন জ্ঞন দিয়ে৷ জ্ঞানৰ ভাণ্ডাৰ এই সমূহ৷ যাৰ পৰা প্ৰজন্মৰ পৰা প্ৰজন্মই জ্ঞান আহৰণ কৰে৷ মানুহৰ জীৱনৰ বাবে গ্ৰন্থ বোৰ অমূল্য সম্পদ৷

♦newsnextone.com-এ গ্ৰন্থ সন্দৰ্ভত পূৰ্বে প্ৰকাশ পোৱা এটি প্ৰতিবেদনত কি কৈছিল পঢ়কঃ 

♦গ্ৰন্থই এটা যুগৰ পৰা আন এটা যুগৰ বাবে ইতিহাস সংৰক্ষণ কৰে৷ গ্ৰন্থই মানৱ সৃষ্ট ঘটনা-পৰিঘটনা, বিজ্ঞান, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ-বিগ্ৰহ, স্মৰণীয় ঘটনাক, মানুহৰ জীৱনৰ কৰ্মৰাজীকে ধৰি সকলো কথাই সংৰক্ষণ কৰে৷ কিন্তু তাৰ বাবে হ’ব লাগিব গ্ৰন্থৰ সংৰক্ষণ৷

কিয়নো গ্ৰন্থ সংৰক্ষণ নহলে ইতিহাস আধৰুৱা হৈ ৰ’ব৷ ইতিহাস আধৰুৱা হোৱাই নহয় বিকৃত ইতিহাসৰ সাক্ষী হৈ ৰ’ব একো একোটা প্ৰজন্ম৷ ইটো প্ৰজন্মই সিটো প্ৰজন্মৰ ইতিহাস জানিবলৈ গ্ৰন্থ লিখি সংৰক্ষণ কৰি থৈ যাব লাগিব৷ কেৱল ইতিহাস সম্বলিত গ্ৰন্থই নহয় কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ ভাণ্ডাৰ সংৰক্ষণ হলে ৰস ল’ব পাৰিব নতুন প্ৰজন্মই৷ তেতিয়া মানুহৰ জীৱনৰ বাবে গ্ৰন্থ হৈ পৰিব অমূল্য সম্পদ৷

জীৱন, সত্য, ইতিহাসৰ বিশ্লেষণ তথা সকলো কথাই আহৰণ কৰিব পাৰিব গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷ গ্ৰন্থই ইতিহাস সংৰক্ষণ কৰিব পাৰিব যেতিয়া আমি গ্ৰন্থ সংৰক্ষণ কৰিম৷

আপুনি যদি কিতাপ পঢ়ে তেন্তে নিসন্দেহে কব পাৰিব আমাৰ প্ৰকৃত বন্ধু হৈছে কিতাপ৷ গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ণ কৰি লাভ কৰি অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ কিতাপে আনি দিব পাৰে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথি কেইখনে আমাক-আপোনাক দিয়ে৷ পুথিৰ আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷

কিতাপ পঢ়া মানুহৰ ঠাইক জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷