ডিজিটেল ডেস্কঃ এইবেলি পশ্চিমবংগত মহা আড়ম্বৰৰে দুৰ্গা প্ৰতিমা বিসৰ্জন দিব নোৱাৰিব বঙালী ভক্তপ্ৰাণ লোকে।

পূজাৰ অন্তত ৰাজপথত সমদল কৰি প্ৰতিমা বিসৰ্জনৰ বিষয়ত আৰোপ কৰা হৈছে চৰকাৰী নিষেধাজ্ঞা। দশমীৰ পিছদিনাই মহৰমৰ দিন পৰাৰ বাবে চৰকাৰে জাৰি কৰিছে প্ৰতিবন্ধক।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জাৰি কৰা নিৰ্দেশানুসাৰি দশমী অৰ্থাত ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ছয় বজাৰ ভিতৰত পূজা কমিটীয়ে যথাসম্ভৱ প্ৰতিমা বিসৰ্জন দিব লাগিব।

১ অক্টোবৰত ৰাজ্যখনত প্ৰতিমা বিসৰ্জন বন্ধ কৰা হব। কিয়নো উক্ত দিনটোতে মুছলমান লোকসকলে উলিয়াব মহৰমৰ সমদল।

অৱশ্যে ৪ অক্টোবৰলৈ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ বেনাৰ্জীয়ে অনুমতি দিছে। তেওঁৰ মতে সাম্প্ৰদায়িক উত্তেজনা ৰোধৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।