![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/bidyut.jpg?itok=SSpHsOX8)
ধিংঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন৷ মাটিৰ পৰা কেইফুটমান ওপৰেৰে বিদ্যুৎ পৰিবাহী তাৰ গাঁৱৰ মাজেৰে নিয়াৰ ফলত অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে।
পৰিৱৰ্তনৰ দোহাই দি ভোট লৈ চৰকাৰ গঠন কৰা চৰকাৰে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ পৰিৱৰ্তন আজিলৈ কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰে বটদ্ৰৱাৰ ন-সত্ৰ গাঁৱবাসীয়ে।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যৰ বহু লোকে মৃত্যুক সাবটি লব লগীয়া হৈছে। তেনে সময়তেই বটদ্ৰৱাত বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে হাত মেলিলেই চুব পৰাকৈ ৰাখিছে বিদ্যুৎ পৰিবাহী তাৰ৷ বটদ্ৰৱা ন-সত্ৰ গাঁৱত বিপজ্জনক চলি আহিছে বিদ্যুৎ সৰবৰাহ।
চৰকাৰী বিদ্যালয়ৰ ওচৰত থকাৰ পাছতো বিদ্যুৎ বিভাগে গাঁৱৰ ল'ৰা-ছোৱালীৰ লগতে জীৱ-জন্তুৰ লগত হেতালি খেলাৰ অভিযোগ উঠিছে। বটদ্ৰৱাবাসীয়ে শীঘ্ৰে শক্তি মন্ত্ৰী পল্লৱ লোচন দাসক বটদ্ৰৱাৰ ন-সত্ৰ গাঁৱত বিদ্যুৎ খুঁটা বহুৱাই ওখ ঠাইৰে বিদ্যুৎ পৰিবাহী তাৰ নিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।