ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাতি কলকাতা চহৰত ট্ৰেফিক আইন ভংগ কৰা মহিলাই আৰক্ষীক চুমা যাঁচি অপৰাধ মোচনৰ চেষ্টা চলালে। নৈশ পাৰ্টিৰ পৰা উভতি অহাৰ বাটত নিচাগ্ৰস্ত ৩০ বছৰীয়া মহিলাগৰাকীয়ে চল্ট লেকৰ সমীপৱৰ্তী ইষ্টাৰ্ণ মেট্ৰ’পলিটান বাইপাছত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ এটাত খুন্দা মাৰে। 

ঘটনাস্থলীত উপস্থিত এজন টেক্সিচালকে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা চলায় যদিও মহিলাগৰাকীয়ে তেওঁক অপদস্তহে কৰে। তাৰ পিছতে এজন কনিষ্টবলে মহিলাগৰাকীক সৈতে গাড়ীৰ পিছফালে বহি থকা মহিলাগৰাকীৰ বন্ধু দুজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে। 

কিন্তু তাতেই এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সমুখীন হ’ল কনিষ্টবলগৰাকী। মহিলাগৰাকীয়ে ওলাই অহাৰ পৰিৱৰ্তে কনিষ্টবলজনক ভিতৰলৈ টানি নি চুমা খাবলৈ ধৰে। অইন এজন আৰক্ষীয়ে হস্তক্ষেপ কৰিহে মহিলাগৰাকীৰ পৰা কনিষ্টবলজনক এৰুৱাই আনিবলৈ সক্ষম হয়। 

মহিলাগৰাকীৰ লগতে গাড়ীখনৰ পিছফালে বহি থকা আন এগৰাকী মহিলা আৰু পুৰুষ- কেউজনৰে মদৰ নিচাত অৱস্থা তথৈবচ হৈ আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। 

মহিলাগৰাকীৰ বিৰুদ্ধে নিচাগ্ৰস্ত অৱস্থাত বাহন চলোৱাৰপৰা আৰম্ভ কৰি ট্ৰেফিক আইন অমান্য কৰা, আৰক্ষীক অপদস্ত কৰা আদিৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। তদুপৰি আৰক্ষীক উৎকোচ হিচাপে চুমা যঁচাটোও অপৰাধৰ শাৰীত ধৰিব পৰা যায় বুলি কয় আৰক্ষীয়ে।