
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত মহকুমা প্ৰশাসন তথা ৰাজনৈতিক, অৰাজনৈতিক দ'ল-সংগঠনে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে৷
জাগুণৰ গায়ত্ৰী পৰিয়াল ট্ৰাস্ট আৰু আছাম ৰাইফলচ প্ৰাক্তন চাকৰিয়াল সন্থাৰ উদ্যোগত জাগুণস্থিত আছাম ৰাইফলচ প্ৰাক্তন চাকৰিয়াল সন্থাৰ সভাগৃহত যোগ দিৱস পালন কৰা হয়।
ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক সমিতিৰ উদ্যোগত আৰু ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগত মাৰ্ঘেৰিটা নগৰৰ ইণ্ডিয়া ক্লাৱত যোগ দিৱস পালন কৰা হয়৷
মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত মাৰ্ঘেৰিটা নগৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত যোগ দিৱস পালন কৰা হয়৷ যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি আজি মাৰ্ঘেৰিটা মহাবিদ্যালয়ে বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৰক্তদান শিৱিৰৰ আয়োজন কৰে৷
ৰক্তদান শিৱিৰত অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ৰক্তদান কৰি মাৰ্ঘেৰিটাবাসীক ৰক্তদান কৰিবলৈ আহ্বান জনায়৷ আজি বিধায়ক জনৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি বিক্ৰম কৈৰীয়ে বিভিন্ন যোগ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে৷