শোণিতপুৰঃ আজি যোগ দিৱস। যোগ সাধনা কেৱল হিন্দু সংস্কৃতিৰ অঙ্গীভূত হৈ থকা নাই। সমগ্ৰ বিশ্বতে যোগৰ গুৰুত্ব অপৰিসীম। যোগ সাধনাৰ ফলপ্ৰসূ প্ৰায়োগিক দিশ সম্পৰ্কে আজি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে।

নিত্য নৈমিত্তিক জীৱন যাত্ৰাত সুস্থ আৰু সৱল হৈ থকাৰ একমাত্ৰ প্ৰাকৃতিক উপায়টোৱেই হল যোগ সাধনা। পশ্চিমীয়া ৰাষ্ট্ৰসমূহেও ইয়াৰ গুৰুত্ব বুজি যোগ সাধনাৰে নিজকে সুস্থ ৰখাৰ বাবে প্ৰতিনিয়ত অভ্যাস কৰা পৰিলক্ষিত হৈছে।

সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাতো তৃতীয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত, পতঞ্জলি যোগ সমিতি আৰু ভাৰত স্বাভিমান, শোণিতপুৰৰ সহযোগত নেহৰু ময়দানত পালন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ স্বাধীনতা মহন্তই বন্তি প্ৰজ্জ্বলনেৰে যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত ত্ৰিপুৰেন্দ্ৰ পাটৰ, পৰাগমণি মহন্ত, কুলেন শৰ্মা, ৰাজহ চক্ৰ বিষয়া ডাঃ তহিদুৰ ৰহমান, জিলা নিৰ্বাচনী বিষয়া প্ৰবীৰ কুমাৰ দত্ত, বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যকে ধৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷

আনহাতে গাভৰু ব্লকৰ অন্তৰ্গত মাজগাঁও পঞ্চায়তৰ বামুণচুবুৰী পুজা মণ্ডপ প্ৰাংগনতো যোগ দিৱস পালন কৰা হয়। উল্লেখ্য যে ১৯ আৰু ২০ তাৰিখে উল্লিখিত স্থানত দুদিনীয়া যোগ প্ৰশিক্ষণ এটিও সফলতাৰে সমাপন হৈ যায়।

যোগ প্ৰশিক্ষণত অঞ্চলটোৰ ভালেসংখ্যক স্বাস্থ্য সচেতন ব্যক্তিৰ লগতে মাজগাঁও পঞ্চায়তৰ সভাপতি নয়নজ্যোতি বৰুৱা, গাভৰু ব্লক খণ্ড উন্নয়ন বিষয়া পুতুল ওজাই অংশগ্ৰহণ কৰে। যোগ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে ‘হাম্ৰ স্বাভিমান’ পুঠিমাৰী শাখাৰ সদস্য তপন নেওপানে, পঙ্কজ ছেত্ৰী, কুইন দেৱীয়ে।

বিহগুৰি ব্লকৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহতো যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়, বিহগুৰি খণ্ড উন্নয়ন বিষয়া নীলিমা গগৈ, ভাৰতীয় জনতা পাৰ্টি বিহগুৰি ব্লক মণ্ডলৰ সভাপতি অতুল নাথ, সাধাৰণ সম্পাদক ক্ষেমলাল ছেত্ৰীৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

যোগ কাৰ্যসূচী পৰিচালনা কৰে ‘’হাম্ৰ স্বাভিমান’’ পুঠিমাৰীৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য ৰামু নেওপানে, উৰ্মিলা দেৱী, পৱন ছেত্ৰীয়ে। প্ৰাত্যহিক জটিল আৰু ব্যস্ততাময় জীৱন যাত্ৰাত যোগেহে একমাত্ৰ পৰিত্ৰাণ পথৰ সন্ধান দিয়ে। যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সুস্থ মনৰ অধিকাৰী হব পাৰি বুলি মনৰ ভাৱ ব্যক্ত কৰে মহেশ ছেত্ৰী নামৰ অংশগ্ৰহণকাৰী যুৱকজনে।