ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে যিসকল লোকে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু যিসকলে বন্দুকৰ ভাষা বুজি পায় তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব বুলি কয়৷
বৃহস্পতিবাৰে সুৰক্ষাৰ কথা উল্লেখ কৰি যোগীয়ে প্ৰত্যেকগৰাকী লোকৰ সুৰক্ষা নিশ্চিত হোৱাৰ লগতে যিসকলে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু বন্দুকৰ ভাষা বুজে তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব কয়৷ 'মই প্ৰশাসনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই'- যোগীৰ এই মন্তব্য।
সমাজবাদী পৰ্টিক কটাক্ষ কৰি কয় যোগীয়ে কয়, লাল টুপি পিন্ধি কোনো লোকক অৰাজকতাৰ সৃষ্টি কৰিব দিয়া নহ’ব৷ সংসদীয় ব্যৱস্থাক ধ্বংস কৰিব দিয়া নহ’ব বুলি হুংকাৰ দি যোগীয়ে কয় ‘‘মই তেওঁলোকক সলনি হ'বলৈ কৈছো, নহলে ৰাজ্যৰ জনসাধাৰণে তেওলোকক সলনি কৰিয়েই আছে''৷ সংবাদ মাধ্যমৰ আগত যোগীয়ে বিৰোধীৰ অশোভনীয়, অসংসদীয় আৰু অভদ্ৰ আচৰণৰ অভিযোগ কৰি নিন্দা প্ৰকাশ কৰে।
এনে আচৰণৰ ফলত সংসদৰ পৰম্পৰা ভংগ হোৱা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। যোগীয়ে বিৰোধীৰ নেতাসমূহৰ এনে আচৰণে অৰাজকতাৰ সৃষ্টি কৰে বুলি কয়। ৰাজ্যপালৰ ভাষণৰ সময়ত সমাজবাদী পাৰ্টিৰ বিধায়কসকলে আলুৰ মালা পিন্ধি খেতিয়কৰ সমস্যা সমাধানৰ বাবে প্ৰতিবাদ কৰে।
বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ বিধানসভাৰ অধিৱেশনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিধান সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যপালৰ অভিভাষণত বিৰোধীয়ে হৈ-হাল্লা কৰাৰ লগতে ৰাজ্যপাল ৰাম নায়কক লক্ষ্য কৰি কাগজৰ লাড়ু নিক্ষেপ কৰে৷