newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ দুগৰাকী প্ৰভাৱশানী নেতা সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱ আৰু দলৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱে ৰাজনীতিৰ বাহিৰেও আন কিছু কৰ্মত নিয়োগ হোৱাৰ বাতৰি ওলাইছে। অখিলেশে ব্যৱসায়ৰ সৈতে জড়িত হ’বলৈ মন মেলিছে৷ 

প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশে এখল হেৰিটেজ হোটেল খোলাৰ পৰিকল্পনা কৰাৰ বিপৰীতে পিতৃ তথা দলৰ জ্যেষ্ঠ নেতা মুলায়েম সিং যাদৱে নিজৰ আৱাসত এটা পুথিভঁৰাল খোলাৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছে প্ৰশাসনক৷

অখিলেশ যাদৱ, তেওঁৰ পত্নী ডিম্পল যাদৱ আৰু মুলায়েম সিং যাদৱে লক্ষ্নৌ বিকাশ প্ৰাধিকৰণৰ গৃহ নিৰ্মাণৰ মানচিত্ৰ অনুমোদন জনাবলৈ আবেদন জনায়৷ মানচিত্ৰ অনুমোদিত হোৱাৰ পিছত অখিলেশ আৰু ডিম্পলে ১-এ বিক্ৰমাদিত্য মাৰ্গস্থিত প্লটত হেৰিটেজ হোটেল খুলিব৷ 

আনহাতে, ২-বিক্ৰামাদিত্য মাৰ্গত মুলায়েম সিং যাদৱে পুথিভঁৰাল আৰু বস্ত্ৰালয় খোলাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে, এই সন্দৰ্ভত সমাজবাদী পাৰ্টিয়ে কোনো বিষয়াই মন্তব্য প্ৰকাশ কৰা নাই যদিও উত্তৰ প্ৰদেশৰ ৰাজনৈতিক নেতা দুগৰাকীৰ এই বাতৰি সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷ 

সাংবাদিকে এই সন্দৰ্ভত এছপিৰ প্ৰৱক্তা ৰাজেন্দ্ৰ চৌধাৰীক সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, ‘অখিলেশ বৰ্তমান পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণ কৰি আছে৷ ময়ো লক্ষ্নৌৰ বাহিৰত আছোঁ৷ মোৰ ওচৰত এনে কোনো সংবাদ নাই যে যাৰ দ্বাৰা হেৰিটেজ হোটেল অথৱা পুথিভঁৰাল খোলাৰ সম্পৰ্কে সংবাদমাধ্যমক জনাব পাৰিম৷’ 

সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু সাংসদ ডিম্পল যাদৱে খুলিব বিচৰা হেৰিটেজ হোটেল খনৰ নাম হ’ব ‘হিবিস্কচ্ছ হেৰিটেজ’৷