আহি আছে ১+১=০

গুৱাহাটীঃ এক আৰু এক যোগ কৰিলে কিমান হয়৷ সকলোৱে কব দুই হ’ব৷ কিন্তু এক আৰু এক যোগ কৰি শূন্য ফলাফল কৰি দেখুৱাব এখন নাটকৰ জৰিয়তে৷ এক্টিং একাডেমীয়ে মঞ্চস্থ কৰিব ১+১=০ নামৰ নাটক খন৷ গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি একাডেমিখনৰ অধ্যক্ষ, নাট্যকৰ্মী কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে নাটক খন সন্দৰ্ভত অৱগত কৰে৷ 

কুলেন্দ্ৰ ৰায়চৌধুৰীৰ ৰচনা পৰিচালনা আৰু পৰিকল্পনাৰে ১+১=০ শীৰ্ষক নাটক খন ২৫ অক্টোবৰত মহানগৰীৰ গুৱাহাটী জিলা পুথি ভৰালত নবীন-প্ৰবীণ এজাক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব৷

সভাত বহুকেইগৰাকী নাট্যকৰ্মী আৰু সাংস্কৃতিক কৰ্মী উপস্থিত থাকে৷ নাটক খনত অভিনয় কৰিব জিত বৰুৱা, ইন্দ্ৰজিং কাকতি, নিহাৰিকা গোস্বামী, ৰ’জ, বিবেক ডেকা, আছিক আহমেদ, তপন পাঠক, নিমি কাশ্যপ, অঞ্জু বৰা, ৰাজ বাজফৰ আদিয়ে৷ কৰিঅ’গ্ৰাফি কৰিব অজয় মালাকাৰে৷ সংগীত বাহাৰুল ইছলাম আৰু ব্যবস্থাপক ৰাজীৱ আহমেদৰ৷ সাংবাদিক গগনাষ্টমে আঁত ধৰে অনুষ্ঠানটোৰ৷