newsnextone.com | ডিজিটেল ডেস্কঃ ভোট নহয় যেন ৰণৰ বাবাহে ওলাই আহিল ৰাইজ৷ নিজ নিজ দল আৰু নেতাৰ সমৰ্থনত ওলাই অহা সমৰ্থকে দল আৰু নেতাৰ বাবে তেজৰ ফাকু খেলিলে৷ শাসক আৰু বিৰোধীয়ে বেলট পেপাৰেৰে নহয় যেন বাহু বলেৰেহে জয়ী হোৱাৰ প্ৰয়াস কৰিলে৷ কাৰোবাক লক্ষ্য কৰি বোমা নিক্ষেপ কৰা হ’ল৷ কাৰোবাৰ দেহত লাগিল গুলী৷ ভোট কেন্দ্ৰ নহয় যুঁজ কেন্দ্ৰহে হৈ পৰিল৷ ফলত প্ৰাণ গ’ল নিৰীহৰ৷
সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছিল ভোটৰ যুঁজ আৰু সমানে হিংসা৷ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচন একপ্ৰকাৰ হৈ পৰিছিল ৰণক্ষেত্ৰ৷ সোমবাৰে পুৱাই কাছাৰিছিৰা এলেকাৰ বুধখালি নামৰ ঠাইত চিপিএমৰ কৰ্মী দেবু দাসৰ ঘৰত অগ্নিসংযোগ কৰাৰ পিছতে আৰম্ভ হৈছিল ৰণৰ৷ কোনো লোকে শুই থকা অৱস্থাকে ঘৰত জুই লগাই দিয়াত দেবু দাস আৰু পত্নী ঊষা দাসৰ ঘৰৰ ভিতৰতে মৃত্যু হয়৷ এই ঘটনাত তৃণমূলৰ লোক জৰিত থকা বুলি দাবী কৰিলেও আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলি কয়৷
কুলতুলিৰ মেৰিগঞ্জৰ বালিৰচৰত ভোট দিব যোৱাৰ সময়তে গুলী লাগে আৰিফ গাজি নামৰ এজন লোকৰ দেহত৷ আৰিফ আছিল তৃণমূলৰ সমৰ্থক৷ চিপিআইএমৰ লোকে গুলী চলোৱাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে নাকশিপাৰা নামৰ ঠাইত তৃণমূলৰ সমৰ্থক ভোলা দফাদৰ নামৰ লোক এজনক লোকক ঘৰৰ পৰা উলিয়াই আনি হত্যা কৰা হয়৷ তৃণমূলে দাবী কৰা মতে চিপিএমৰ কৰ্মীয়ে ভোট কেন্দ্ৰত দখল কৰে আৰু আক্ৰমণৰ স্বীকাৰ হয় দফাদৰ৷
গণপ্ৰহাৰত মৃত্যু হয় এজন যুৱকৰ৷ সঞ্জিত নামৰ যুৱকজন কলেজত পঢ়ি থকা ছাত্ৰ আছিল৷ সঞ্জিত সহ এদল যুৱকে বাবলা পঞ্চায়তৰ এটি ভোট কেন্দ্ৰ দখল কৰিব যোৱাৰ সময়ত ধৰা পৰা অভিযোগ উত্থাপন হয়৷ যাৰ ফলত ৰাইজে প্ৰহাৰ কৰাত মৃত্যু হয় ছাত্ৰজনৰ৷ সঞ্জিত তৃণমূলৰ কৰ্মী আছিল৷ স্থানীয় বিধায়ক অৰিন্দম ভট্টাচাৰ্যই চিপিএম, কংগ্ৰেছ আৰু বিজেপিয়ে লগলাগি সঞ্জিতক হত্যা কাৰ বুলি অভিযোগ উত্থাপন কৰে৷
আৰক্ষী আৰু সাংবাদিকো সাৰি যোৱা নাছিল উত্তেজিত ৰাজনৈতিক দলৰ সমৰ্থকৰ হিংসাৰ পৰা৷ বিভিন্ন ঠাইত আৰক্ষীক আক্ৰমণ কৰাৰ লগতে গাড়ী ভাঙি দিয়া হয়৷ আৰক্ষীক লক্ষ্য কৰি শিলাবৃষ্টি কৰা হয়৷ সংবাদ মাধ্যমৰ লোকৰ ওপৰতো বৰ্বৰ আক্ৰমণ হয়৷ মোস্কাক মুৰ্শ্বিদ হাছান নামৰ সাংবাদিকক আক্ৰমণ কৰাৰ লগতে সুনীল ৰায় আৰু কামাক্ষ্য দাস নামৰ সাংবাদিকক অপহৰণ কৰে৷
দক্ষিণ দিনাপুৰ জিলাত তপন এলেকাত ভোটাৰে ভোট দান কৰিবৰ বাবে লাইনত থিয় দি থকাৰ সময়তে বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই৷ যাৰ ফলত এজন লোকৰ মৃত্যুৰ লগতে তিনিজন আন লোক আহত হয়৷ উত্তৰ ২৪ পৰগণা, বৰ্দ্ধৱান, কোচবিহাৰ, দক্ষিণ পৰগণা জিলাত ব্যাপক হিংসা সংঘটিত হয়৷ ইমানে নহয় মন্ত্ৰীয়েও চৰ ঘোচা মৰাৰ খবৰ আহিছে৷ পশ্চিম বংগৰ মন্ত্ৰী ৰবীন্দ্ৰ ঘোষে এগৰাকী লোকক চৰ শোধোৱাৰ খবৰ আহিছে৷
মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে আৰু নিউজ চেনেলত প্ৰকাশিত খবৰ নিৰ্বাচন আয়োগে প্ৰত্যক্ষ কৰা বুলি কয়৷ আনহাতে মন্ত্ৰীগৰাকীয়ে এই অভিযোগ নুই কৰে৷ কোচবিহাৰৰ দিনহাটা এলেকাত এটা ভোটদান কেন্দ্ৰত দুই পক্ষৰ মাজত ব্যাপক সংঘৰ্ষ লগাত ১৫গৰাকী লোক আহত হয়৷
২৪ নৰ্থ পৰগণাৰ আমদংগা সাধনপুৰত এটি ভোট কেন্দ্ৰত দেশী বোমা নিক্ষেপ কৰাত ২০ গৰাকী লোক আহত হয়৷ বোমা নিক্ষেপৰ পিছতে উত্তজেতি লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিব লগা হয়৷
বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে অনুষ্ঠিত হৈছে পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা সংঘটিত হোৱা হিংসাত ৰাজ্য খনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে৷ সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটদানক সময়তো ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহাৰ লগতে ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০০গৰাকী লোক আহত হৈছে৷
ভোটাৰক ভাবুকি দিয়াৰ লগতে বেলট বাকচ ভোট কেন্দ্ৰ পৰা উলিয়াই নি পানীত পেলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে৷