
ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতী-মহিলাই নহয়, এইবাৰ এছিড আক্ৰমণৰ লক্ষ্য হৈ পৰিছে গো-মাতা৷ আগ্ৰাত ১৫টাকৈ গাই আৰু বলধক লক্ষ্য কৰি এছিড নিক্ষেপ কৰে দুস্কৃতিকাৰীয়ে৷ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হৈছে৷
তাজমহলৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত কাৰমানা গাঁৱত নিৰীহ গৰুৰ ওপৰত এছিড আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সৰৱ হৈ পৰে বজৰং দলসহ একাধিক দল-সংগঠন৷ আহত পশুধনকেইটাক চিকিৎসাৰ বাবে ঘটনাস্থলীলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে৷ একেদৰে গাঁওখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখা বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী৷
বজৰং দলৰ আগ্ৰা ইউনিটৰ জিলা সঞ্চালক মুকেশ গোস্বামীয়ে জনায়, ‘কাৰমান আৰু সংলগ্ন গাঁওসমূহত গৰুৰ ওপৰত হোৱা কেবাটাও আক্ৰমণৰ অভিযোগ লাভ কৰিছো৷ যোৱা দেওবাৰে নিশা অতি কমেও ৬টাকৈ গৰুৰ ওপৰত আক্ৰমণ চলোৱাৰ খবৰ লাভ কৰি আমি প্ৰশাসনৰ কাষ চাপো৷’
এজন স্থানীয় লোকে জনোৱা মতে, অক্ষম হৈ পৰা গাই আৰু বলধৰ যিবোৰক গৰাকীয়ে এৰি দিছে তেনে গৰুৰ ওপৰতে আক্ৰমণ চলিছে৷ আনহাতে চিকিৎসকসকলে জনাইছে যে ১৫ টা গোধনৰ ৫টাৰ শৰীৰৰ অধিকাংশ এছিডে পুৰি পেলাইছে৷ ‘খেতি পথাৰত প্ৰৱেশ কৰাৰ পিছতে গাঁওবাসীয়ে এনেদৰে গৰুকেইটাৰ ওপৰত এছিড আক্ৰমণ চলাইছে বুলি আমি জানিব পাৰিছো৷ মুক্ত এই গৰুবোৰে খেতি তহিলং কৰি আহিছিল বুলি আমাক গাঁওবাসীয়ে জনাইছে৷’-ঘটনাটোক নিন্দা কৰি এজন চিকিৎসকে কয়৷
ইফালে, অচিনাক্ত দুস্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ বজৰং দলেও দুস্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষী আৰু জিলা প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিছে৷