ডিজিটেল ডেস্কঃ তীব্ৰতকৈয়ো অতি তীব্ৰ ভূমিকম্পপ্ৰবণ অঞ্চলৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে দেশৰ ২৯খনকৈ চহৰ। ইয়াৰ ভিতৰত আছে অসমৰ গুৱাহাটীও। যিকোনো মুহূৰ্ততে প্ৰলয়ংকৰী ভূমিকম্পত ধ্বংসস্তুপত পৰিণত হ’ব পাৰে এই চহৰকেইখন। এই তথ্য সদৰী কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ছিছমিঅ’লজিয়ে।

যিকেইখন চহৰত ভূমিকম্পৰ ফলত অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে সেইকেইখন হৈছে দেশৰ ৯খন ৰাজ্যৰ ৰাজধানী।

ভূমিকম্পপ্ৰবণ বা ছিছমিক জ’ন IV আৰু Vৰ ভিতৰত আছে দিল্লী, বিহাৰৰ পাটনা, জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ, নাগালেণ্ডৰ কহিমা, পুডুচেৰী, অসমৰ গুৱাহাটী, ছিকিমৰ গেংটক, হিমাচল প্ৰদেশৰ চিমলা, উত্তৰাখণ্ডৰ ডেৰাডুন, মণিপুৰৰ ইম্ফল আৰু চণ্ডীগড়।

এই চহৰকেইখন কেবা কোটি জনসংখ্যাৰে ভৰপূৰ। বৃহৎ ভূমিকম্প আহিলেই ভয়াৱহ দুৰ্যোগে দেখা দিব পাৰে এই চহৰকেইখনত।

দেশৰ অতি তীব্ৰ ভূমিকম্পপ্ৰবণ আটাইকেইটা অঞ্চলৰ অধিকাংশই হৈছে হিমালয়ান জ’নৰ অন্তৰ্গত। নেশ্যনেল চেণ্টাৰ ফৰ ছিছমিঅ’লজিৰ হিচাপ মতে, সকলোতকৈ কম ভূমিকম্পপ্ৰবণ অঞ্চল হৈছে জ’ন II আৰু সৰ্বাধিক ভূমিকম্প প্ৰবণ অঞ্চল হৈছে V।

♦ CLICK HERE ♦ ৰাষ্ট্ৰীয় পতাকাক লৈ বিতৰ্কিত মন্তব্য মেহবুবাৰ

জ’ন IV আৰু জ’ন V তীব্ৰ আৰু অতি তীব্ৰ ভূমিকম্পপ্ৰৱণ অঞ্চলৰ অন্তৰ্গত। জ’ন Vত আছে সমগ্ৰ উত্তৰ-পূৱ ভাৰত, জম্মু-কাশ্মীৰৰ কিছু অংশ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ বিহাৰ, আন্দামান নিকোবৰ আৰু গুজৰাটৰ কচ্ছৰ ৰান অঞ্চল।