গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই কন্ঠশিল্পী জুবিন গাৰ্গে ৩ মাহ থাকিব লাগিব কাৰাগাৰত৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে জুবিন অনুৰাগী হতাশ হৈ পৰে৷
অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰাৰ চাৰি বছৰ পুৰ্বৰ গোচৰৰ কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰায় প্ৰদান কৰি শুকুৰবাৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক ৩ মাহৰ কাৰাদণ্ড বিহে।
অধিবক্তাৰ পুত্ৰক প্ৰহাৰৰ গোচৰৰ ৰায় প্ৰদান কৰি ৩ মাহৰ কাৰদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা বিহে জুবিনক৷ আইপিচি ৩২৩, ৫০৬ ধাৰাত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দোষী সাব্যস্ত কৰিছে জুবিন গাৰ্গক।