আপ মন্ত্ৰীৰ ৯ গৰাকী উপদেষ্টাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অপসাৰণ কৰাৰ পিছতে বিপাঙত কেজৰিৱাল। আপ মুখপাত্ৰ ৰাঘৱ ছড্ডাৰ মতে এয়া বিজেপিয়ে জনসাধাৰণক জ্বলন্ত সমস্যাবোৰৰ পৰা মনযোগ আঁতৰাবৰ বাবে কৰা ষড়যন্ত্ৰমূলক কৌশল।

 

ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টি পৰিচালিত দিল্লী চৰকাৰৰ সকলোধৰণৰ কাম-কাজত কেন্দ্ৰ চৰকাৰে বিধিপথালি দি অহাৰ অভিযোগ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখত সততে শুনা যায়। এইবাৰ কেজৰিৱাল চৰকাৰক হতবাক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৯ জন গুৰুত্বপুৰ্ণ চৰকাৰী উপদেষ্টাক অপসাৰণ কৰাৰ কথা পত্ৰযোগে অৱগত হোৱাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে কেজৰিৱাল। 

দিল্লী চৰকাৰৰ মন্ত্ৰীসকলৰ উপদেষ্টাৰ তালিকাত নজন উপদেষ্টাৰ নাম সন্নিবিষ্ট নকৰাৰ কথা উল্লেখ কৰা পত্ৰখনত কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ প্ৰস্তাৱিত তালিকাখন প্ৰস্তুত কৰা হৈছিল। 

নিযুক্তি বাতিল হোৱা উপদেষ্টাৰ তালিকাত আইন মন্ত্ৰীৰ সংবাদমাধ্যমৰ উপদেষ্টা অমৰদ্বীপ তিৱাৰী, উপ প্ৰধামমন্ত্ৰীৰ মিডিয়া উপদেষ্টা অৰুণোদয় মিশ্ৰাৰ নাম আছে। অৱশে আগতীয়া অনুমোদন লোৱা বুলি দিল্লী চৰকাৰে প্ৰকাশ কৰিছে।    

সম্প্ৰতি চলি থকা হত্যা-হিংসা আৰু ধৰ্ষণৰ লগতে নগদ ধনৰ অভাৱ ঘটা গুৰুতৰ বিষয়বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবৰ বাবে শাসকীয় বিজেপি দলটোৱে মন্ত্ৰালয়ক আগ কৰি এনেদৰে কৌশল অৱলম্বন কৰিছে বুলি কয় আপৰ মুখপাত্ৰ ৰাঘৱ ছড্ডাই।