ডিজিটেল ডেক্সঃ জম্মু কাশ্মীৰৰ কঠুৱাত সংঘটিত হোৱা ধৰ্ষণ ঘটনাটি এক হৃদয় বিদাৰক আছিল৷ কণমানি ফুল কুমলীয়া নিষ্পাপ মনৰ শিশুৰ জীৱনক লৈ হেতালি খেলা এচাম পাখণ্ডয়ে পুনৰ কাশ্মীৰত ধৰ্ষণ কাৰ্য সংঘটিত কৰে৷ এগৰাকী ৯ বছৰীয়া শিশুক দলবদ্ধ হৈ ধৰ্ষণ কৰা কাৰ্যই গোটেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

কিন্তু এইবাৰৰ ঘটনাৰ আৰঁত আছে শিশু গৰাকীৰ মাহী মাক৷ ধৰ্ষণৰ পাছত শিশুগৰাকীক নৃশংষ ভাৱে হত্যা কৰা হয়৷ স্থানীয় অাৰক্ষী বিষয়া ইমতিয়াজ হুছেইন মীৰৰ মতে ২৩ আগষ্টৰ পৰা শিশুগৰাকী নিৰুদ্দেশ হোৱাৰ কথা ব্যক্ত কৰে৷ শিশুগৰাকীৰ দেউতাকে আৰক্ষীৰ চকীত গৈ অভিযোগ দাখিল কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ সকলো তদন্তৰ কৰাৰ পাছত ওচৰেৰ এখন হাবিত শিশু গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ 

জানিব পৰা মতে এই ঘৃণনীয় কাম শিশুগৰাকীৰ মাহী মাক আৰু মাহী মাকৰ ১৪ বছৰীয়া ল’ৰাৰ লগতে ৪ জন লোকে মিলি এই কাম সংঘটিত কৰে৷ এনে জঘন্য কাম কৰিবলৈ শিশুগৰাকীক হাবিলৈ মাতি আনি প্ৰথমে ধৰ্ষণ কৰে৷ পাছত মাহী মাকৰ ল’ৰাটোৱে কুঠাৰৰে শিশু গৰাৰীক মূৰত জোৰেৰে প্ৰহাৰ কৰি চকু উলিয়াই শৰীৰত এছিড ঢালি দিয়ে৷ 

উল্লেখযোগ্য যে আৰক্ষী বিষয়াগৰাকীয়ে মহিলাগৰাকীক সোধ-পোচ কৰাৰ পাছত হত্যাৰ ভয়ানক কাহিনী বিৱৰি কয়৷ শিশুগৰাকীৰ দেউতাকে প্ৰথম পত্নীৰ লগত অধিক সময় অতিবাহিত কৰাৰ লগতে ছোৱালীজনীক যথেষ্ট মৰম কৰাত দ্বিতীয় গৰাকী পত্নীয়ে সহ্য কৰিব নোৱাৰে৷ যাৰ বাবে এনে কাণ্ড নিজৰ ১৪ বছৰীয়া পুতেক আৰু তেওঁৰ সহপাঠীৰ লগত মিলি হত্যা হত্যা কৰাৰ দৰে জঘন্য কাম কৰে মাহী মাকে৷ শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আথিয়াৰৰ লগতে বাকী থকা প্ৰমাণবোৰো উদ্ধাৰ কৰিছে৷ লগতে সকলো দোষীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰে৷