নগাঁওঃ কেমেৰাৰ সন্মুখত খোদ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে যেতিয়া শিক্ষকক তুচ্ছ-তাচ্ছিল্য কৰে আন কোনো শিক্ষকক অভব্য আচৰণ কৰিছে সেয়া বিচাৰ কৰাৰ বিষয় হৈ নাথাকে৷
শিক্ষকক লৈ খোদ শিক্ষা মন্ত্ৰীয়ে দাম্ভিক আচৰণ আৰু নীতিহীন কথা-বতৰা প্ৰায়ে কৈ আহিছে৷ ছেবাৰ প্ৰেক্ষাগৃহলৈ একাংশ প্ৰধান শিক্ষকক শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাতি আনি টিভিৰ সন্মুখতে কৰা দাম্ভিক আচৰণ আৰু শিক্ষকসকলক কৰা দাস সূলভ ব্যৱহাৰত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷
শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক ছেবাৰ কাৰ্যালয়লৈ মাতি আনি টিভিৰ কেমেৰাৰ সন্মুখত খতিয়ান লোৱাৰ নামত অপমান কৰাত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল ৰাজ্যত৷ সতীৰ্থ মন্ত্ৰীক কাষত বহুৱাই আট্টহাস্য কৰি শিক্ষামন্ত্ৰীয়ে সুধি গৈছিল এটাৰ পিছত এটা প্ৰশ্ন৷ মদ্যপান কৰে নে, দৰমহা কিমান লাভ কৰে, আদি প্ৰশ্ন কৰি ইতিকিং কৰিছিল শিক্ষকক খোদ শিক্ষামন্ত্ৰীয়ে৷ ৰাইজে ধিক্কাৰ দিয়াৰ পিছত শাসকীয় দলৰ লোকসকল সলনি হ’ব বুলি ভবা হৈছিল৷ কিন্তু তেনে নহল পুনৰ এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰক অভব্য আচৰণ কৰিলে বিজেপিৰ মন্ত্ৰীয়ে৷
কেইটামান টকা, নিৰাপত্তাৰক্ষী আৰু ক্ষমতাই মূৰত ধৰিলে মানুহৰ আচৰণ কেনেদৰে সলনি হয় সেয়া অসমৰ ৰাইজে দেখি আহিছে৷ অসমৰ একাংশ নেতা বিধায়ক-মন্ত্ৰীয়ে সময়ে সময়ে দেখুৱাই আহিছে তেওঁলোকৰ আচৰণ৷ ক্ষমতাৰ বাবে বলিয়া হৈ পৰে একোগৰাকী ৰাজনেতা৷ বিৰোধী দলক আক্ৰমণ কৰিবলৈ সকলো সীমা অতিক্ৰম কৰি নেতাই অসাংবিধানিক শব্দ পৰ্যন্ত ব্যৱহাৰ কৰে যদিও এইবাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সকলো সীমা অতিক্ৰম কৰে৷ তাৰ লগে লগে ক্ষমতাই মানুহক কিমান তললৈ নিয়ে তাৰ প্ৰমাণ দিয়ে৷
নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীৰ দৰে বিভাগ লাভ কৰা ৰাজেন গোহাঁয়ে এগৰাকী শিক্ষকক মঞ্চতে অভব্য আচৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ একপ্ৰকাৰ মন্ত্ৰিত্বৰ খোৱাদ লাভ কৰি শিষ্টাচাৰ পাহৰি পেলাইছে বিজেপি নেতা, ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে৷
মঙলবাৰে নগাঁও জিলাৰ নেহেৰুৱালিত এনআৰএলৰ উদ্যোগত এখন সভা অনুষ্ঠিত হৈছিল৷ সভাত উপস্থিত আছিল ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, স্থানীয় বিধায়ক ৰূপম শৰ্মাৰ লগতে বিজেপিৰ বহু নেতা-কৰ্মী৷ মঞ্চত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ অঞ্চলৰ বাট পথৰ দুৰাৱস্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি থকাৰ সময়তে হোৱাট ননচেন্স বুলি শিক্ষকগৰাকীক ধমক দিয়াত একপ্ৰকাৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়৷ বহু মানুহৰ সন্মুখত এগৰাকী শিক্ষকক এনেদৰে ব্যৱহাৰ কৰাত ৰাইজে সহজে লব পৰা নাছিল৷
কেৱল ননচেন্স বুলি ক্ষান্ত নাথাকি মন্ত্ৰীয়ে আসনৰ পৰা উঠি গৈ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আঙুলি টোৱাই কটু বাক্যৰে আক্ৰমণ কৰে৷ আঙুলি জোকাৰি অপমান কৰে শিক্ষকগৰাকীক৷ ৰাজেন গোহাঁইৰ একাংশ সাংগো-পাংগোৱে জ্যেষ্ঠ নাগৰিকগৰাকীক মঞ্চৰ পৰা টানি আজুৰি তললৈ নিবলৈ চেষ্টা কৰে৷
ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে মন্ত্ৰিত্বৰ খোৱাদ লাভ কৰি শিষ্টাচাৰ পাহৰিছে বুলি কয় ৰাইজে৷ বিজেপি চৰকাৰৰ দিনত কেইবাজনো মন্ত্ৰী বিধায়কে ৰাজহুৱা স্থানত অভব্য আচৰণ কৰি বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়ত এইবাৰ মঞ্চত শিক্ষকক অশালীন আচৰণ কৰি বিতৰ্কত সোমাই পৰে ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই৷
মন্ত্ৰীগৰাকীৰ অভব্য আচৰণৰ কথা সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মন্ত্ৰীগৰাকীৰ অভব্য আচৰণৰ বিৰুদ্ধে নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰে৷ ঐতিহ্যমণ্ডিত নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই মন্ত্ৰী ৰাজেন গোহাঁইৰ বাসগৃহ ঘেৰাও কৰে আৰু মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে শ্ল’গান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰাক্তন ছাত্ৰই গোহাঁইৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায়৷
মঞ্চত শিক্ষকক অভব্য আচৰণ কৰি ক্ষমা নোখোজো বুলি স্পষ্ট কৰে মন্ত্ৰী ৰজেন গোহাঁয়ে৷ মন্ত্ৰীগৰাকীয়ে প্ৰয়োজন হ’লে ৰাজনীতি ত্যাগ কৰিম কিন্তু ক্ষমা খোজাত নাই বুলি কয়৷ প্ৰতিবাদ কৰা ছাত্ৰক উভতি ধৰি তেঁওলোকে প্ৰতিবাদ কৰিলেই নহ’ব বুলি কয়৷ ৰাজনীতি ত্যাগ কৰিম, তথাপিও ক্ষমা নোখোজো বুলি কৈ আক্ৰোশেৰে শিক্ষকজনে প্ৰশ্ন সুধিছিল বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰীয়ে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ গাত সকলো দোষ জাপি দিয়াৰ চেষ্টা কৰি নিজকে বচাব বিচাৰে৷