newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ বৰ্বৰ আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে। এইবাৰ মছজিদত আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে। শুকুৰবাৰে জুম্মাৰ নামাজ আদায় কৰি থকাৰ সময়তে দেশ খনৰ পূব প্ৰান্তৰ পাকতীয়া প্ৰদেশৰ গাৰ্ডেজ চহৰত বোমা বিস্ফোৰণ কাণ্ড সংঘটিত কৰাত ২০ গৰাকী লোকৰ মৃত্যু হয়। 

গুৰুতৰ ভাৱে আহত প্ৰায় ৪০গৰাকী লোকক ইতিমধ্যে স্থানীয় হস্পিতালত ভৰ্তি কৰা হয়। কোনে সন্ত্ৰাসবাদী সংগঠনে এই কাণ্ড সংঘটিত কৰিলে সেই কথা স্বীকাৰ কৰা নায়। আক্ৰমণ আত্মঘাটি আক্ৰমণকাৰীয়ে সংঘটিত কৰিছে সেই কথা আৰক্ষীয়ে স্পষ্ট কৰিছে। দিনৰ ১ বাজি ৩০ মিনিটত একেলগে দুটা বিস্ফোৰণত কঁপি উঠে সমগ্ৰ এলেকা। মছজিদত উক্ত সময়ত শুকুৰবাৰৰ জুম্মাৰ নামাজ পঢ়ি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।