newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই বৃহস্পতিবাৰে পুৱাই ৯.৩০ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷ ৰাজ্যপাল ভেজুভাই বালাই বুধবাৰে সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে৷ বুধবাৰে সন্ধিয়া ৰাজ্যপালে ভেজুভাই বালাই প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰোহটগীৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷

ইমানে নহয় সংখ্যাৰ দিশত বৃহৎ দল বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১০ দিনৰ সময় প্ৰদান কৰে ৰাজ্যপালে৷ ১০ দিনৰ ভিতৰত আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব ১০৪ খন আসন থকা বিজেপি দলে৷

আনহাতে মিত্ৰজোঁট গঢ়ি ১১৬ আসনেৰে হুংকাৰ দি জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে প্ৰশ্ন উত্থাপন কৰে যে বিজেপিয়ে দেশখনক ক’লৈ নিব বিচাৰিছে৷ গেৰুৱা দলটোৱে ৩ কোটি, ৫ কোটি, ১০০ কোটি দৰেৰে ৰাস্তাত খোজ কঢ়া মানুহৰ দাম নিৰ্ধাৰণ কৰাত ক্ষুণ্ণ হৈ পৰিছে এইচ ডি কুমাৰস্বামীয়ে। 

কংগ্ৰেছ আৰু জেডিএছৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠ হোৱাৰ পিছতো ৰাজ্যপালে কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত নোলোৱাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতা পি চিদাম্বৰম। মিত্ৰজোঁটৰ নেতাক আমন্ত্ৰণ জনোৱাত ৰাজ্যপালৰ সমুখত কোনে বিধিপথালি দিছে বুলি পি চিদাম্বৰমে প্ৰশ্ন উত্থাপন কৰে৷

ৰাজ্যপালে সাংবিধানিক পদাধিকাৰত আছে, সেই হেতু তেঁও অসাংবিধানিক বাটত খোজ দিয়া অনুচিত। তেঁও উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিব লাগিব। মিত্ৰজোঁটৰ নেতাক তেঁও সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে মাতিবই লাগিব, সেয়া ন্যায়ালয়ৰ নিৰ্দেশ। এনেদৰে নিজৰ মত জাহিৰ কৰে পি চিদাম্বৰমে।

কৰ্ণাটকত চৰকাৰ গঠন কৰিবৰ বাবে সুবিধা প্ৰদান নকৰাত বিজেপি, কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক ক্ষোভিত হৈ পৰিছে৷ সমগ্ৰ দেশৰ দৃষ্টি কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত থকাৰ সময়তে বুধবাৰে জেডিএছৰ সমৰ্থকে বাংগালুৰুস্থিত ৰাজ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ৪০ ঘণ্টা ধৰি চৰকাৰ গঠনৰ কুচকাৱাজে ৰাজনৈতিক পৰিৱেশ গৰম কৰি বিজেপি আৰু কংগ্ৰেছ-জেডিএছে চৰকাৰ গঠনৰ দাবী কৰি আহিছে৷ 

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ক্ষমতাৰ বাবে ৰাজনৈতিক খোৱা-কামোৰা কৰাৰ ছবিখনে আমোদো দিছে ৰাইজক৷ ইতিমধ্যে জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰা আৰু কুমাৰস্বামীক নেতা নিৰ্বাচিত কৰি ৰাজ্যপালক পত্ৰ প্ৰদান কৰিছিল৷ তথাপিও ৰাজ্যপালে বিজেপিৰ নেতাৰ মুখ্যমন্ত্ৰীৰ পদৰ ববাে শপত গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ কৰে৷

তাৰ লগে লগে বুধবাৰে দিনৰ প্ৰায় ৪ বজাত পুনৰ ৰাজ্যপাল ভেজুভাই বালাক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰিব বাবে আহ্বান জনোৱাৰ বাবে পত্ৰ প্ৰদান কৰিছিল জেডিএছৰ নেতা এইচডি কুমাৰস্বামীয়ে৷ 

কৰ্ণাটকত বিজেপিক চৰকাৰ গঠন কৰিবলৈ মাথো ৮গৰাকী বিধায়কৰ প্ৰয়োজন আছিল৷ আশংকা কৰা মতে বিজেপিয়ে বিৰোধী কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি হলেও চৰকাৰ গঠন কৰিব৷ এই কথাৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিধায়কক এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷

গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ কৰ্ণাটকৰ ৰাজপাট ভঙা-গঢ়াৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰা জনতা দল (চেকিউলাৰ)ৰ অধ্যক্ষ এইচ ডি কুমাৰস্বামীয়ে। জেডিএছৰ বেনাৰত জয়লাভ কৰা বিধায়কক কেন্দ্ৰীয় শাসনাধিস্থ বিজেপি দলটোৱে টকাৰে গেৰুৱাকৰণ কৰোৱাৰ চেষ্টা চলোৱা বুলি কুমাৰস্বামীৰ অভিযোগ উত্থাপন কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক খবৰ

সদনত সংখ্যাগৰিষ্ঠতাক লৈ নিশ্চিত বুলি ঘোষণা কৰা কংগ্ৰেছ-জেডিএছৰ পৰিকল্পনাত আউল লগাবৰ বাবে বিজেপি দলে কূটনীতি কৰা বুলি গেৰুৱা দলটোক তীব্ৰ সমালোচনা কৰি অহাৰ মাজতে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখা গৈছে নাটকীয় পৰিৱৰ্তন। 

ৰাজ্যখনৰ কংগ্ৰেছ আৰু জেডিএছৰ ৫জন নৱনিৰ্বাচিত বিধায়ক কংগ্ৰেছৰ বুধবাৰৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নথকাত কেউজন বিজেপিগামী হোৱা বুলি প্ৰচাৰ চলিছে। অৱশ্যে এই খবৰ নস্যাৎ কৰিছে কংগ্ৰেছ আৰু জেডিএছ দুয়োটা দলেই। বিভিন্ন ঠাইৰ পৰা ফ্লাইটযোগে অহা বিধায়কসকল বৈঠকত উপস্থিত হোৱাত হীন-দেৰী হোৱাটো স্বাভাৱিক আখ্যা দিছে কংগ্ৰেছী নেতা ডি কে শিৱকুমাৰে। এই সকল বিধায়কে বিজেপিক সমৰ্থন কৰিব বুলিও খবৰ আহিছে৷ 

উল্লেখ্য যে, পুৱাৰ ভাগত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকত নৱনিৰ্বাচিত বিধায়ক ৰাজশেখৰ পাটিল, নগেন্দ্ৰ আৰু আনন্দ সিং উপস্থিত নথকাত বৈঠকৰ সময় পিছুৱাবলগীয়া হয়। ইফালে জেডিএছৰো দুজনকৈ বিধায়ক ৰাজা ভেংকটাপ্পা নায়ক আৰু ভেংকট ৰাও নাদাগৌড়াই বেংগালুৰুৰ পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হোৱা দলীয় বৈঠকত অনুপস্থিত আছিল।

কৰ্ণটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ মঙলবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে এনে এক পৰিস্থিতি দেখা গৈছিল যদিও অৱশেষত আকাশৰ পৰা মেঘ আঁতৰাই ৰাজ্যপালে বিজেপিক মুখ্যমন্ত্ৰীৰ পদৰ শপত লবৰ বাবে আমন্ত্ৰণ জনায়৷ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷

কংগ্ৰেছে বিনাচৰ্তত জেডিএছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিব লগা হৈছে৷ কংগ্ৰেছৰ সমৰ্থন গ্ৰহণ কৰি ১১ সংখ্যাক দেশৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ জেডিএছৰ নেতা এতিয়া মুখ্যমন্ত্ৰীৰ পদৰ প্ৰবল দাবীদাৰ আছিল৷ কেৱল দাবীদাৰে নহয় মজবুত স্থিতিত আছিল জেডিএছ দল আৰু সহযোগী কংগ্ৰেছ দল৷