newsnextone.com | ডিজিটেল ডেস্কঃ নিজৰ ভোটটোৰ মূল্য কিমান৷ সেই কথা বুজাই কোৱাৰ প্ৰয়োজন নাই যদিও এটা ভোটৰ মূল্য যে অধিক সেই কথা গণতান্ত্ৰিক দেশত সকলোৱে বুজা উচিত৷ জনসাধাৰণে দিয়া ভোট সৎ, নিকা লোকক প্ৰদান কৰিলে ৰাইজে ৫ বছৰৰ বাবে একোগৰাকী ৰাইজৰ স্বাৰ্থৰ হৈ কাম কৰা মানুহ লাভ কৰে৷
যিগৰাকী লোকে ৰাইজৰ ধন লুণ্ঠন নকৰি সমাজৰ বাবে কাম কৰিব পাৰে৷ কিন্তু দেশত তেনে মানুহ বহু কম। কিন্তু কৰ্ণাটকৰ ৰাইজৰ ভোটদান কৰিব অহাৰ উৎসাহে বহু কথাকে কৈ গৈছে৷ কৰ্ণাটকৰ জনসাধাৰণ যেন সদায় সজাগ সেই কথাকে প্ৰমাণ কৰে৷ কৰ্ণাটকত বহু বৃদ্ধই এম্বুলেন্সত উঠি আহি ভোট দান কৰিছে৷ দিব্যাংগই ঘৰৰ পৰা বহু কষ্টৰে ওলাই আহি ভোটদান কৰে৷
কৰ্ণাটকৰ মাদিকোৰিৰ কান্দোনাকালি গাঁৱত বিয়া পূৰ্বৰ কইনাই নিজ ভোটাধিকাৰ সাব্যস্ত কৰি যায়৷ শনিবাৰে বিয়া যুৱতীৰ৷ যুৱতীয়ে কইনা সাজেৰে নিজ ভোট কেন্দ্ৰলৈ আহে আৰু ভোটদান কৰে৷
জনগণৰ সৈতে লাইনত থিয় দি ভোটদান কৰে৷ পৰিয়ালৰ সৈতে আহি ভোট দিয়াৰ সময়তে মিডিয়াৰ নজৰত পৰে কইনা৷ তাৰ লগে লগে সংবাদ মাধ্যমত ফটো প্ৰচাৰ হোৱাত কইনাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷
কইনাৰ পোছাকতে মেংগালুৰুৰ ভায়োলা ফাৰ্ণাণ্ডেজ নামৰ যুৱতীয়েও কইনা পোছাকত আহি ভোট দিয়ে৷ আনহাতে মল্লিকাৰ্জুন গেমাঙটি আৰু নিকিতা নামৰ দৰা-কইনাই ধাৰৱাদত পুৱাই দৰা-কইনাৰ সাজেৰে ভোটদান কৰিব ওলাই আহে৷ বিয়াৰ পূৰ্বে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰাৰ বিষয়টোৱে প্ৰমাণ কৰে ৰাইজে গণতান্ত্ৰিক ব্যৱস্থাত কিমান বিশ্বাসী৷
দিনৰ ৩ বজালৈ কৰ্ণাটকত ৫৬ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছে৷ যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ এতিয়ালৈকে শান্তিৰে অনুষ্ঠিত হৈ আছে ভোটদান৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হয়৷