newsnextone.com | ডিজিটেল ডেস্কঃ ১১ আগষ্টত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লব প্ৰাক্তন ক্ৰিকেটাৰ তথা পিটিআই দলৰ মুৰব্বী ইমৰাণ খানে। ইমৰাণ খানৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ পৰা কোন কোন উপস্থিত থাকিব তাকেলৈ চৰ্চা আৰম্ভ হৈছে।

জানিব পৰা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাব ইমৰাণ খানে। ইয়াৰ লগে লগে ভাৰতৰ ইমৰাণ খানৰ বন্ধু তথা ক্ৰিকেটাৰ কপিল দেৱ, সুনীল গাভষ্কাৰ, নৱজ্যোৎ সিং সিদ্ধু, বলিউডৰ অভিনেতা আমিৰ খানক নিমন্ত্ৰণি পত্ৰ প্ৰেৰণ কৰা বুলি মিডিয়াত খবৰ ওলাইছে।

আনহাতে, ইমৰাণ খান আৰু পিটিআয়ে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে আলোচনা মৰ্মেহে শপত গ্ৰহণ অনুষ্ঠানৰ অতিথি থিক কৰা বুলি জানিব পৰা গৈছে। এই খবৰক নুই কৰে পিটিআই দলৰ মুখপাত্ৰ ফাৱাদ চৌধুৰীয়ে। ফাৱাদ চৌধুৰীয়ে কয় যে বিদেশী অতিথিক আমন্ত্ৰণ জনোৱাৰ বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা হয়।

ইয়াৰ পূৰ্বে ভাৰতৰ কেইবাগৰাকী নেতা আৰু একালৰ ইমৰাণৰ ক্ৰিকেটাৰ বন্ধুক আমন্ত্ৰণ জনাব বুলি খবৰ ওলাই আহিছে। তালিকাত প্ৰধানমন্ত্ৰী মোডীৰো নাম আছিল।