anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ অসমৰ বান, গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাক লৈ কোনে দিনে একাষাৰ মাত নিদিয়া ৰাজনৈতিক দলে এনআৰচিক লৈ ৰাজনীতি আৰম্ভ কৰিছে। বিৰোধীয়ে সোমবাৰে সদনৰ দুয়ো সদন উত্তাল কৰাৰ সময়তে মঙলবাৰেও সংসদ ভৱনৰ চৌহদত বিৰোধী দলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। 

এনআৰচিৰ সম্পৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় নিউজ চেনেলে সক্ৰিয় হৈ পৰাৰ লগতে ৰাজনৈতিক দল সমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু এনে সক্ৰিয়তা কোনো কালে অসমৰ বান, খহনীয়াকে ধৰি আন সমস্যাক লৈ সক্ৰিয় হোৱা দেখা নাযায়।

 চৰকাৰে ইচ্চাছকৃ ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘূ-ভাষীক সংখ্যালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে বুলি দেশৰ বিৰোধী দলে অভিযোগ উত্থাপন কৰি সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি এইসকল লোকক হাৰাশাস্তি নকৰি ন্যায় প্ৰদানৰ লগতে সংশোধনী বিধেয়ক আনিবলৈ দাবী জনায়। তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, বিএছপি, জিডিএছ, টিডিপি আপৰ সাংসদে সংসদ ভৱন চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে।

 

 উল্লেখ্য যে, ৩০ জুলাইৰ পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

তাৰ লগে লগেই বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে ৩০ জুলাইত তৃণমূল কংগ্ৰেছে সংসদ উত্তাল কৰি তোলে। বৰ্ষাকালীন অধিবেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে ইচ্ছাকৃত ভাৱে চৰকাৰে ৪০ লাখ লোকৰ নাম কৰ্তন কৰা বুলি কৈ হৈ হাল্লা কৰাত সদন স্থগিত কৰিব লগা হয়। মঙলবাৰেও সদনত বিৰোধীয়ে হৈ হাল্লা কৰাত সদন স্থগিত ৰাখিব লগা হয় অধ্যক্ষই। 

দল সমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃত ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘু আৰু ভাষীক সংখ্য়ালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে। অসমৰ চুবুৰীয়া ৰাজ্যত ইয়াৰ জনসংখ্যাগত প্ৰভাৱ পৰিব। প্ৰধানমন্ত্ৰী-চৰাকৰে এই ক্ষেত্ৰত মত স্পষ্ট কৰিব লাগে।