newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ২৫ জুলাইত অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল এতিয়ালৈ নিৰ্বাচন আয়োগে ৰাজবুৱা কৰা নাই যদিও চৰকাৰৰ গঠন কৰিব প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই দলে। 

বুধবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হোৱাৰ পিছতে ভোটগণনা আৰম্ভ হয়। শেহতীয়া খবৰ মতে, পিটিআয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ'ল যদিও চৰকাৰ ইমৰাণৰ দলেই গঠন কৰিব।

ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ দলে ১১৬ খন আসনত জয়ী হয়। ইয়াৰ লগে লগে নৱাজ শ্বৰীফৰ দল পিএমএলে ৬৪ খন আসন লাভ কৰে। আনহাতে আচিফ আলী জৰ্দাৰীৰ দলে ৪২, এমএমএ দলে ১৩ আৰু নিৰ্দলীয়া ১৩ গৰাকী জয়ী হয়। ২৭২ আসনৰ ভিতৰত কমেও ১৩৪ খন আসনৰ প্ৰয়োজন চৰকাৰ গঠন কৰিবলৈ। জানিব পৰা মতে, ইমৰাণৰ দলে নিৰ্দলীয়া সদস্যৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব। শেহতীয়া মিডিয়াৰ খবৰ মতে অহা ১৪ আগষ্টৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব ইমৰাণ খানে। এই কথা পাকিস্তানৰ সংবাদমাধ্যমে প্ৰকাশ কৰিছে।