newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষকালীন অধিবেশনৰ দ্বিতীয় দিনটোত অনাস্থা সন্দৰ্ভত আলোচনা কৰাৰ সময়ত গো হত্যা ৰোধ কৰাৰ নামত দেশত সংঘটিত গণপ্ৰহাৰ আৰু হত্যাকাণ্ড সন্দৰ্ভত উত্তাল পৰিবেশৰ সৃষ্টি হয়।
গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। তাৰ কেইটামান ঘণ্টাৰ পিছতে দেশত পুনৰাই গো হত্যা ৰোধ কৰাৰ নামত সংঘটিত হিংসাৰ ঘটনাৰ বলি হৈ এগৰাকী লোকে ২০ জুলাইত প্ৰাণ হেৰুৱাব লগা হয় ৰাজস্থানত।
ৰাজস্থানৰ ৰামগড়ৰ লাল্লাবৰীত নিশা আকবৰ খান নামৰ এগৰাকী লোকক গৰু খেদি নি থকাৰ সময়তে একাংশ লোকে আক্ৰমণ কৰি হত্যা কৰাৰ পিছতে ৰাজস্থান আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তদন্তত গাফিলতি কৰাৰ লগতে সংকটজনক অৱস্থাত লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বুলি উত্থাপন হয়। লোকজনক আৰক্ষীয়ে চিকিসাৰ ব্যৱস্থা নকৰাত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হয়। ইয়াৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
সোমবাৰে পুৱাই এমআইএমৰ সাংসদ আছাদুদ্দিন ৱেছীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজস্থান আৰক্ষীৰ তদন্তত আচৰিত হোৱা নাই বুলি কয়। ৰাজস্থান আৰক্ষীয়ে ইয়াৰ পূৰ্বৰ দিলু খান হত্যাকাণ্ডৰ ক্ষেত্ৰতো এনেকুৱা কৰিছিল। ৰাজস্থান আৰক্ষীয়ে গো ৰক্ষকক সমৰ্থন কৰে বুলি কয় ৱেছীয়ে।
আনহাতে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে সোমবাৰে এই বিষয়টো সংসদত উত্থাপন কৰিব বুলি কয়। গো ৰক্ষাৰ নামত গণ প্ৰহাৰ আৰু হত্যা কাণ্ডক চৰকাৰে উচতনি দিয়া বুলি কৈ দেশৰ পৰিস্থিত সলনি হোৱাটো চৰকাৰে নিবিচাৰে বুলি কৈ বিষয়টো সোমবাৰে সদনত উত্থাপন কৰিব বুলি কয়।
জানিব পৰা মতে, আকবৰ খান নামৰ লোকজনে গৰু খেদি নি থকাৰ সময়ত একাংশ লোকে তেওঁক ৰখাই বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰে। তাৰ পিছত মাৰধৰ কৰি ৰাজপথত পেলাই থৈ যায় লোকজনক। আৰক্ষী ঘটনাস্থলিত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছিল।
হাৰিয়ানাৰ কোলগাঁৱত ঘৰ বুলি জানিব পৰা গৈছে আকবৰৰ। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কয় আৰক্ষীয়ে। ইয়াৰ পূৰ্বে ২০১৭ চনত অলবাৰত পহলু খান নামৰ লোকক হত্যা কৰিছিল একাংশ লোকে। গাখীৰৰ ব্যৱসায় কৰা পেহলু খানে গাই কিনি ঘৰলৈ নি থকাৰ সময়তে একাংশ লোকে ৰাজস্থানৰ আলবৰত আক্ৰমণ কৰি হত্যা কৰিছিল।