newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিৰ আবেগ, স্বাভিমানে বহু পলমকৈ হলেও স্বীকৃতি লাভ কৰিব বুলি ভবা হৈছিল যদিও আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে অসমীয়াই৷ অসমীয়া লিপিয়ে বহু বিতৰ্ক আৰু চৰ্চাৰ অন্তত বহু পলমকৈ হলেও ইউনিক’ডত অসমীয়া লিপি হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও শুকুৰবাৰে অসমীয়াই অধীৰ আগ্ৰহেৰে লণ্ডনৰ পৰা সেই ভাল খবৰটো আহিব বুলি আশাৰে বাট চাই আছিল যদিও আশা কৰা মতে ফলাফল নাহিল৷

লণ্ডনত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ বিশেষ বৈঠকত তীব্ৰ বাক বিতণ্ডাৰ অন্তত অসমীয়া লিপিক সম্পূৰ্ণ স্বতন্ত্ৰ লিপি হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈছিল৷ সেই স্বীকৃতি নাপালেও সকলো অসমীয়া বৰ্ণ আৰু ভাষা চিহ্নক ইউনিক’ড আৰু আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰত সুকীয়া নাম প্ৰদানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে নেতৃত্ব লৈছিল আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ বিশেষ বৈঠকত৷

তাৰ পিছতে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইউনিক’ডত অসমীয়া লিপিক স্বতন্ত্ৰ মৰ্যদা নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। মাকুমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰি কৃষক নেতাজনে কয় যে অসম সাহিত্য সভাৰ যিটো প্ৰতিনিধি দলে লণ্ডনত গৈ কৰ্তৃপক্ষৰে আলোচনাত মিলিত হৈছিল সেই দলটোৱে লগত যথোপযুক্ত তথ্য প্ৰমাণ নি অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰিব নোৱাৰিলে।

আচলতে দলটোত সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞ নোযোৱাৰ কাৰণেই বোধহয় দলটোৱে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰিলে। জাতি মাটি ভেটিৰ কথা কোৱা বিজেপিৰ ৰাজ্য চৰকাৰে কিয়নো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে সেইয়াও এক চিন্তনীয় বিষয়। আনহাতে ডিঙিত গামোচা লৈ যোগাভ্যাস কৰা নৰেন্দ্ৰ মোডীয়ে কিয় উপযুক্ত ব্যৱস্থা নল'লে সেইয়াও এটা চিন্তাৰ বিষয়। অখিল গগৈয়ে কয় অসমীয়া এটা স্বতন্ত্ৰ লিপি ইউনিকোডত ইয়াক স্বতন্ত্ৰ লিপি ৰূপে মৰ্যাদা দিবই লাগিব। তাৰবাবে সংশ্লিষ্ট সকলো পক্ষক উপযুক্ত ব্যৱস্থা গঢ়ি তুলিবলৈ তেওঁ দাবী জনায় অখিলে।