গুৱাহাটীঃ আজি অসমীয়াই পালন কৰিব চেনেহৰ কাতি বিহু৷ আদৰৰ বিহুক আদৰিবলৈ উজনি-নামনি সকলোতে ব্যস্ত এতিয়া অসমীয়া৷ প্ৰতিঘৰ অসমীয়াৰ পৰিয়ালত এতিয়া উখল-মাখল পৰিবেশ৷ গুৱাহাটী মহানগৰীতো উখল-মাখল পৰিবেশ৷ চহৰত বাস কৰিলেও গ্ৰাম্য চহা জীৱনৰ ছবি খন পাহৰি যোৱা নাই মহানগৰীত বসবাস কৰা অসমীয়াই৷ নানান ব্যস্ততাৰ পৰা ফালৰি কাটি মহানগৰীৰ প্ৰতিঘৰ অসমীয়াই কাতি বিহুৰ প্ৰস্তুতি চলাইছে৷
সমৃদ্ধিৰ কামনা কৰি মহানগৰীত কাতি পালন কৰা পৰিলক্ষিত হয়৷ ব্যৱসায় প্ৰতিষ্ঠান, ঘৰৰ পদুলি পোহৰাই তুলিছে৷ দেশ, জাতি, সমাজ, সমৃদ্ধ হোৱাৰ কামনাৰে বুধবাৰে অসমীয়া জাতিয়ে কাতি কাতি বিহু পালন কৰিছে৷ কপালৰ ঘাম মাটিত পেলাই পথাৰত খেতি কৰি অসমীয়াই বাট চাইছে ঘৰলৈ সোনগুটি আহিব৷
গাঁৱৰ অসমীয়াৰ খেতি ডৰা এতিয়া গেঁৰ ধৰিছে৷ শিহ ওলাও ওলাও৷ সোণ গুটি কেইটা পথাৰৰ পৰা ভালে ভালে আহক তাৰে কামনা কৰিব অসমীয়াই৷ অসমীয়া সমৃদ্ধিশালী হওঁক৷ প্ৰতি ঘৰ অসমীয়া ধানে-ধনে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰক তাৰে কামনা কৰিব প্ৰতিগৰাকী অসমীয়াই৷ গাঁও চহৰৰ অসমীয়া জীয়ৰি-বোৱাৰীৰ যেন গাত ত’ত নাইকিয়া হৈছে৷ ঘৰ-চোতাল মচি চাফ-চিকুন কৰালৈকে জীয়ৰি-বোৱাৰী ব্যস্ত হৈ পৰিছে৷
পৰম্পৰা ৰীতি-নীতিৰে কাতি বিহুক আদৰিবলৈ সকলোৱে ব্যস্ত হৈ পৰিছে৷ আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা অসমৰ লোকে পালন কৰে কাতি বিহু৷ অসমীয়াৰ ভড়ালৰ আহু ধান শেষ শেষ হও হও শালি ধানো চপাবৰ সময় হোৱা নাই৷ মানুহৰ খোৱাত টান পৰে বাবেই কাতি বিহুক কঙালি বিহু বুলি কোৱা হয় বুলি প্ৰবাদ আছে৷ কাতি বিহুক কঙালী বিহু বোলা হয়৷ ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তুলসীৰ গুৰিত চাকি জ্বলাই নাম গাব বোৱাৰী-জীয়ৰিয়ে৷
ঘৰৰ চোতালত, খেতিপথাৰত চাকি জ্বলায় সমৃদ্ধ কামনা কৰিব৷ অসমৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ থকা কাতি বিহু উৎসৱৰ আনন্দ সদায় সুকীয়া। কাতি বিহু জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰে। কৃষি ভিত্তিক উৎসৱটোত কৃষক পৰিয়ালত বিশেষ পৰম্পৰাৰে পালন কৰা দেখা যায়৷ কৃষি উৎসৱে নহয় কাতি বিহুৱে ঘাইকৈ অসমীয়াৰ ন’ ন’ পৰিকল্পনাৰ আপম্ভনিৰ চিন স্বৰূপ৷ কিয়নো সমৃদ্ধিৰ পৰিকল্পনা কৰে কাতি বিহুত৷ খেতি চপোৱাৰ সময়ত সমৃদ্ধিৰ কামনা কৰা হয়৷