ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্যত শণিবাৰে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি দলে উল্লেখনীয় সফলতা লাভ কৰিছে৷ বিজেপিয়ে ঈৰ্ষণীয় সফলতা লাভ কৰাৰ পিছতে দেশৰ বিৰোধী দল সমূহৰ মাজত কাঁহ পৰি জীণ যোৱাৰ দৰে অৱস্থা হৈছে৷ কিয়নো মোডী নেতৃত্বাধীন কেন্দ্ৰীয় শাসিত দলটোৱে দেশৰ ২৯খন ৰাজ্যৰ ভিতৰত ২১খনতেই গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হৈছে৷
All I know is BSP does not contest by-elections. At both places where by-elections are being held, SP will give a strong fight to defeat the BJP: Sunil Singh Yadav, SP on reports of BSP support to SP for #Gorakhpur & #Phulpur by-elections pic.twitter.com/jUWwmI7ija
— ANI UP (@ANINewsUP) March 4, 2018
বিজেপিৰ এনে আধিপত্য দেখি বিৰোধী দলসমূহে দলটোৰ সফলতা ভংগ কৰিবৰ বাবে নিজা নিজা ৰাজনৈতিক ৰণনীতি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে৷ বিজেপি দলৰ বিজয়ক ৰুধিবৰ বাবে পূৰ্বে শত্ৰুতা থকা দলসমূহক হাত মিলোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন নতুন সমীকৰণ হাতত লোৱা দেখিবলৈ পোৱা গৈছে৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিত হ’ব লগা উপ-নিৰ্বাচনত বহুজন সমাজ পাৰ্টিয়ে সমাজবাদীপাৰ্টিৰহৈ প্ৰাৰ্থীত্ব আগবঢ়োৱাসকলক সমৰ্থন কৰাৰ যো-জা চলি আছে৷
गोरखपुर और फूलपुर उप-चुनाव से पहले बसपा अध्यक्ष मायावती का अहम बयान#ATVideo
— आज तक (@aajtak) March 4, 2018
क्लिक करें और देखें अन्य वीडियो: https://t.co/0lHmKyGH0i pic.twitter.com/jEZodqbT19
শণিবাৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীৰ বাসভৱনত অনুষ্ঠিত হোৱা দীঘলীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে এই মিত্ৰতা কৰাৰ কথাটো দেওবাৰেহে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দুয়োটা সমষ্টিতে হ’ব লগা উপ-নিৰ্বাচনৰ বিষয়ে মায়াৱতীয়ে দলৰ নেতা সকলৰ পৰাও সঁহাৰি বিচাৰিছিল৷ লগতে এই বিষয়টোৰ সন্দৰ্ভত মায়াৱতীয়ে দুয়োটা লোকসভা সমষ্টিৰে মাণ্ডলিক সমন্বয়ক সকলৰ সৈতে আলোচনাত মিলিত হোৱা বুলিও জানিব পৰা গৈছে৷
বিজেপিৰ জয়যাত্ৰাত বাধা প্ৰদান কৰিবলৈ বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়ে মিত্ৰতা কৰা প্ৰসংগকলৈ সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ সুনীল সিঙ যাদৱে কয়, উপ-নিৰ্বাচনত দুয়োটা সমষ্টিতে বহুজন পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে৷ সমাজবাদী পাৰ্টিয়ে তেতিয়াহে অকলে যুঁজ দি বিজেপিক ৰোধ কৰিব পাৰিব৷ উল্লেখ্য যে, গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত ১১ মাৰ্চত ভোটদান হোৱাৰ লগতে ১৪ মাৰ্চত ভোটগণনা হ’ব৷