কোকৰাঝাৰঃ আদিবাসী কোব্ৰা মিলিটেণ্ট অব আছাম চমুকৈ আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাৰ একনায়কত্ববাদৰ বাবে শেহতীয়াকৈ সংগঠনটো বিভাজিত হৈছে৷  বিভাজিত নৱগঠিত গোটটোৰ মুখ্য সেনাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে কানহু মুৰ্মু আৰু উপমুখ্য সেনাধ্যক্ষ হিচাপে ৰতন টুডুক লৈ ইতিমধ্যে ২৭১ গৰাকী সদস্য অন্তৰ্ভুক্তিৰে অান এখন সমান্তৰাল কমিটি গঠন কৰা হয়৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নৱগঠিত গোটটোৰ উপমুখ্য সেনাধ্যক্ষ ৰতন টুডু আৰু অধ্যক্ষ উৰ্খান্দম কিছপোট্টাই অভিযোগ কৰা মতে আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাই দীৰ্ঘদিন ধৰি সংগঠনটোত একনায়কত্ববাদ চলাই সংগঠনটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷

নিৰ্বাচন আহিলেই নিজ খেয়ালখুচি মতে জাব্ৰিয়াছ খাখাই সংগঠনৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় আৰু নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত পুনৰা সংগঠনলৈ উভতি যায়। খাখাৰ এনে কাৰ্য অাকমাৰ সংবিধানৰ পৰিপন্থী বুলি আখ্যা দি ইতিমধ্যে সংগঠনটোৰ বহু নেতা-সদস্যই খাখাৰ কাৰ্যকলাপত অতিষ্ঠ হৈ আকমাৰ নৱগঠিত গোটত চামিল হৈছে বুলিও নেতাদ্বয়ে প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে৷

সংগঠনটোৰ সংবিধান অনুসৰি কোনো সদস্যই সংগঠনৰ পৰা পদত্যাগ কৰাৰ পিছত তিনি বছৰৰ ভিতৰত সংগঠনত পুনৰ অন্তৰ্ভুক্তিৰ নিয়ম নাই যদিও জাব্ৰিয়াছ খাখাই বাৰম্বাৰ নিজ খেয়ালখুচি মতে সংগঠনৰ সংবিধান উলংঘা কৰাৰ বাবে বেছিভাগ নেতা-সদস্যই খাখাক বাদ দি বিভাজিত হৈ কানহু মুৰ্মু আৰু ৰতন টুডুৰ নেতৃত্বত গঠন হোৱা গোটত অন্তৰ্ভুক্ত হৈছে৷