গুৱাহাটীঃ নব্বৈৰ দশকৰ প্ৰতিজন ডেকা-গাভৰু আৰু বয়োবৃদ্ধৰ বাবে এক শিঁহৰণৰ নাম আছিল বিস্ময়। ইণ্টাৰনেটবিহীন সেই যুগত বিস্ময়ে পৃষ্ঠাই পৃষ্ঠাই বাকি দিছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা। বিস্ময়ৰ পাতত আছিল ডেকা-গাভৰুৰ ভালপোৱা আৰু প্ৰেমৰ কথা, আছিল বয়োবৃদ্ধসকলৰ বাবে আৰ্থ-সামাজিক দিশৰ কথা। বিস্ময়ত আছিল সুস্থ সমাজ গঠনৰ চৰ্চা৷ ‘প্ৰিয়বন্ধু’, ‘বিনিময়’ৰ দৰে শিতানৰ জৰিয়তে কলেজীয়া যুৱক-যুৱতীসকলৰ প্ৰেমৰ এক সেঁতু হৈ পৰিছিল বিস্ময়।
সাহিত্য, সংস্কৃতি, বিজ্ঞানসহ সকলো দিশ সামৰি বিস্ময় আছিল অসমীয়া মানুহৰ হৃদয়ৰ এক মুক্ত সংগী। অসমীয়া আৰু ইংৰাজী নৱবৰ্ষৰ সময়ত বিস্ময়ে গ্ৰাহকসকলক প্ৰদান কৰা বিনামূলীয়া কেলেণ্ডাৰখন ঘৰৰ বেৰত ওলমাই এক মধুৰ সুখানুভূতিৰে ভৰি পৰিছিল পঢ়ুৱৈৰ মন। অসমীয়া থিয়েটাৰ জগত আৰু চলচ্চিত্ৰ জগতৰ মুখপাত্ৰৰ দৰে আছিল বিস্ময়৷ নৃত্য, অভিনয় প্ৰতিভাক চিনাকী কৰাই দিয়া শিতান আছিল ‘চলচ্চিত্ৰ জগত’৷