গুৱাহাটীঃ নব্বৈৰ দশকৰ প্ৰতিজন ডেকা-গাভৰু আৰু বয়োবৃদ্ধৰ বাবে এক শিঁহৰণৰ নাম আছিল বিস্ময়। ইণ্টাৰনেটবিহীন সেই যুগত বিস্ময়ে পৃষ্ঠাই পৃষ্ঠাই বাকি দিছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা। বিস্ময়ৰ পাতত আছিল ডেকা-গাভৰুৰ ভালপোৱা আৰু প্ৰেমৰ কথা, আছিল বয়োবৃদ্ধসকলৰ বাবে আৰ্থ-সামাজিক দিশৰ কথা। বিস্ময়ত আছিল সুস্থ সমাজ গঠনৰ চৰ্চা৷ 'প্ৰিয়বন্ধু’, 'বিনিময়’ৰ দৰে শিতানৰ জৰিয়তে কলেজীয়া যুৱক-যুৱতীসকলৰ প্ৰেমৰ এক সেঁতু হৈ পৰিছিল বিস্ময়।
সাহিত্য, সংস্কৃতি, বিজ্ঞানসহ সকলো দিশ সামৰি বিস্ময় আছিল অসমীয়া মানুহৰ হৃদয়ৰ এক মুক্ত সংগী। অসমীয়া আৰু ইংৰাজী নৱবৰ্ষৰ সময়ত বিস্ময়ে গ্ৰাহকসকলক প্ৰদান কৰা বিনামূলীয়া কেলেণ্ডাৰখন ঘৰৰ বেৰত ওলমাই এক মধুৰ সুখানুভূতিৰে ভৰি পৰিছিল পঢ়ুৱৈৰ মন। অসমীয়া থিয়েটাৰ জগত আৰু চলচ্চিত্ৰ জগতৰ মুখপাত্ৰৰ দৰে আছিল বিস্ময়৷ নৃত্য, অভিনয় প্ৰতিভাক চিনাকী কৰাই দিয়া শিতান আছিল ‘চলচ্চিত্ৰ জগত’৷
থিয়েটাৰ, চলচ্চিত্ৰৰ আখৰা, অভিনেতা-অভিনেতা বিচৰাৰ বিজ্ঞাপন, চলচ্চিত্ৰৰ মুকলিৰ দিন, মহুৰত আদিৰ কথা বিস্ময়তে প্ৰকাশ পাইছিল৷ পৰ্যটনস্থনী, কাৰ্টুন, খেল, প্ৰেমৰ কথা ভৰি আছিল বিস্ময়ৰ পৃষ্ঠাই পৃষ্ঠাই৷ আশী আৰু নব্বৈৰ দশকৰ এই মাহেকীয়া আলোচনীখনৰ প্ৰথম সংস্কৰণখন হাতত লৈ বিশিষ্ট সাহিত্যিক তীৰ্থনাথ শৰ্মাই কৈছিল, ‘‘শশী ফুকনে ভাল কাম কৰিছে৷ ৰে’লে-বাছে পঢ়িব পৰা, জেপত লৈ ফুৰিব পৰা এখন আলোচনীৰ অভাৱ আছিল৷ বিস্ময়ে সেই অভাৱ পূৰণ কৰিলে৷’’
হয়, এসময়ৰ অসমৰ সৰ্বাধিক জনপ্ৰিয় আলোচনী বিস্ময়ৰ জনক আছিল শশী ফুকন। ১৯৬৮ চনত গুৱাহাটীত এটা ভাড়া ঘৰৰ পৰা আৰম্ভ হৈছিল বিস্ময়ৰ সুদীৰ্ঘ যাত্ৰা। ২০১৮ চনত ৫০ বছৰ সম্পূৰ্ণ কৰা এই অসমীয়া আলোচনীখন মাজতে আৰ্থিক অনাটন আৰু পঢ়ুৱৈৰ অভাৱত বন্ধ হৈ পৰিছিল। কিন্তু এইবাৰৰ অক্টোবৰৰ পূজাৰ সংখ্যাৰ পৰা পুনৰ পঢ়ুৱৈৰ কাষ চপা বিস্ময়ৰ কাণ্ডাৰীগৰাকীহে এতিয়া গুচি গ’ল চিৰবিদায় লৈ।
শুকুৰবাৰে নিশা হাস্পতালত চিকিৎসাধীন অৱস্থাত ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, বিস্ময়ৰ মুখ্য পৃষ্ঠপোষক, সম্পাদক শশী ফুকনে৷ ৭ ছেপ্টেম্বৰত ঘৰৰ মজিয়াত হঠাৎ ঢলি পৰা শশী ফুকনক প্ৰথমে হায়াট হাস্পতাল আৰু পিছত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। তাতেই শুকুৰবাৰে নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিস্ময়ৰ সম্পাদকগৰাকীয়ে।
বিস্ময়ৰ প্ৰেমত পৰা প্ৰতিগৰাকী অসমীয়াৰ বাবে যেন এয়া এক বিশ্বাস কৰিব নোৱাৰা খবৰ। ‘বিস্ময়’ক মানুহৰ ওচৰলৈ নিয়া চমৎকাৰ মানুহজন বুলি পৰিচিত শশী ফুকনৰ বিস্ময়ে ইতিমধ্যে ৫৪ বছৰত ভৰি দিছে৷ অসমৰ ইতিহাসত তেনে আলোচনী অতি কম আছে যিয়ে ৫৪টা বছৰ ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আহিছে৷ কিন্তু বিস্ময়ক ৫৪টা বছৰ ধৰি পঢ়ুৱৈৰ ওচৰলৈ নিয়া শশী ফুকনৰ এই যাত্ৰাত আছে বহু উত্থান-পতন, সংগ্ৰামৰ দস্তাবেজ৷
বিশ্বনাথ চাৰিআলিৰ টেঙাবৰি গাঁৱত স্বৰ্গীয় চন্দ্ৰভা শৰ্মা ফুকনৰ ঘৰত জন্মগ্ৰহণ কৰি স্থানীয় স্কুলতে প্ৰাথমিক, উচ্চ আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল শশী ফুকনে৷ ১৯৬৪ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ গুৱাহাটীলৈ বিএচচি পঢ়িবলৈ আহি প্ৰাগজ্যোতিষ কলেজত নাম ভৰ্তি কৰে তেওঁ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত ফুকনে শিক্ষা সাং কৰিব নোৱাৰিলে৷ ১৯৬৮ চনত বন্ধুৰ সৈতে থকা ভাড়াঘৰটোৰ মালিকৰ পুত্ৰৰ পৰা এখন আলোচনী প্ৰকাশৰ প্ৰস্তাৱ লাভ কৰিছিল ফুকনে। ইয়াৰ পিছতে তেওঁলোকে প্ৰথমে ‘সময়’ নামেৰে এখন আলোচনী আৰম্ভ কৰে যদিও প্ৰকাশকৰ অনীহা আৰু বিভিন্ন কাৰণত কিছু দিনৰ পিছতে এই আলোচনীখনৰ প্ৰকাশ বন্ধ হৈ পৰে।
ইয়াৰ পিছতো থমকি ৰ’ব নিবিচৰা শশী ফুকনে তেওঁৰ কেইবাগৰাকীও বন্ধুৰ সৈতে আলোচনা কৰি আন এখন আলোচনী প্ৰকাশৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে প্ৰকাশৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি আলোচনীখনৰ নাম ঠিৰাং কৰিবলৈ তেওঁলোক কাষ চাপে বিশিষ্ট সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ। তেঁৱেই আলোচনীখনৰ নাম চূড়ান্ত কৰে 'বিস্ময়’।
১৯৬৯ চনৰ জানুৱাৰী মাহত নব্বৈ পৃষ্ঠাৰ প্ৰথম সংখ্যা প্ৰকাশ পায়৷ তেতিয়া আলোচনীখনৰ দাম আছিল এটকা। প্ৰথমাৱস্থাত মাত্ৰ এহাজাৰ কপি উলিওৱা হৈছিল আলোচনীখনৰ। ১৯৭০ চনৰ জানুৱাৰীৰ পৰা 'বিস্ময়’ক মাহেকীয়া কৰা হয়৷ লাহে লাহে বিস্ময়খনে পঢ়ুৱৈৰ মনত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয়। ১৯৭৩ চনত ভৰলুমুখত অফিচসহ এটা সৰু প্ৰেছৰ জৰিয়তে বিস্ময়ৰ আৰম্ভ হয় এক নতুন যাত্ৰা।
ক্ৰমান্বয়ে অধিক জনপ্ৰিয় হৈ পৰা আলোচনীখনৰ আশীৰ দশকত এক লাখ কপি পৰ্যন্ত বিক্ৰী হ’বলৈ আৰম্ভ কৰে৷ পিছলৈ বিস্ময়ৰ কাৰ্যালয় হেদায়েৎপুৰ, খ্ৰীষ্টানবস্তি, ৰাজগড় আৰু জোনালীলৈ স্থানান্তৰিত হয়৷ বিস্ময়ত প্ৰথম পৃষ্ঠাৰ সম্পাদকীয়ত শশী ফুকনৰ এটা স্বাক্ষৰ আছিল৷ সেই স্বাক্ষৰটোৱে আছিল বিস্ময়ৰ চিনাকি৷ বিস্ময়ৰ পাতৰ পৰাই ৰঞ্জু হাজৰিকা, সত্যৰঞ্জন কলিতা, প্ৰফুল্ল কুমাৰ দত্ত, জিমণি চৌধুৰী, আল্পনা হাজৰিকা, ৰঞ্জিত চাৰিংগীয়া, মৃত্যুঞ্জয় মহন্ত, চন্দনা পাঠক, পৰিণীতা বুজৰবৰুৱা, সুৱৰ্ণ ফুকন, ৰজনী বৰুৱা, বৈদুৰ্য্য বৰুৱা, বন্দিতা ফুকন, অলকানন্দা দত্ত, ড০ ছাইদুল ইছলাম, ড০ উপেন ৰাভা হাকাচাম, গোপী তামুলী, ৰূপক জি দুৱৰা, অৰুণলোচন দাস, উৎপল দত্ত, চিৰঞ্জীৱ দত্ত, যুগল লোচন দাস, প্ৰবাল খাউণ্ড, হেমচন্দ্ৰ দলেৰ নাম জানিছিল আশী আৰু নব্বৈৰ দশকৰ পঢ়ুৱৈয়ে৷
ইণ্টাৰনেট, টিভি, ছ’চিয়েল মিডিয়াৰ প্ৰচলনৰ লগে লগে অন্য বাতৰিকাকত, আলোচনীৰ দৰে হ্ৰাস পাবলৈ আৰম্ভ কৰে বিস্ময়ৰো পঢ়ুৱৈৰ সংখ্যা। একে সময়তে আলোচনীখনলৈ নামি আহে আৰ্থিক সংকটো। এনেবোৰ কাৰণতে দুবছৰ পূৰ্বে আলোচনীখনৰ প্ৰকাশ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল প্ৰকাশকসকলে। কিন্তু শেহতীয়াকৈ এই আলোচনীখনৰ প্ৰকাশৰ বাবে পুনৰ উদ্যোগ গ্ৰহণ কৰিছিল শশী ফুকন আৰু বাকীসকলে।
ইয়াৰ পিছতে অক্টোবৰ সংখ্যা প্ৰকাশ পাইছিল আলোচনীখনৰ। কিন্তু তাৰ পিছতে সম্পাদক শশী ফুকনৰ বিয়োগৰ খবৰে আজি মৰ্মাহত কৰিছে প্ৰতিজন বিস্ময়প্ৰেমী অসমীয়াক। অৱশ্যে পিতৃৰ নিথৰ দেহৰ কাষত থিয় হৈ বিস্ময়ৰ এই যাত্ৰা কেতিয়াও বন্ধ নহয় বুলি প্ৰতিশ্ৰুতি দিছে প্ৰয়াত শশী ফুকনৰ পুত্ৰই। আজি বহু গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় বিশিষ্ট সাহিত্যিক, বিস্ময়ৰ সম্পাদক শশী ফুকনৰ। তেওঁৰ নশ্বৰ দেহ আজি পঞ্চভূতত বিলীন হ’লেও অসমীয়া সাহিত্যত এটা বিস্ময় যুগৰ সৃষ্টি কৰি যোৱা এইগৰাকী স্বনামধন্য ব্যক্তিক চিৰদিন মনত ৰাখিব প্ৰতিজন অসমীয়াই।