ডিজিটেল ডেস্কঃ বিজেপিৰ বিসম্বাদী সাংসদ বুলি জনাজাত বৰুণ গান্ধীয়ে সাংসদৰ দৰমহা বৃদ্ধিৰ নকৰিবলৈ লোক সভাৰ অধ্যক্ষক চিঠি লিখাৰ পিছতেই এই খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰে৷

চিঠি লিখাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতেই বৰুণ গান্ধীক উভতি ধৰিলে বিজেপিৰে মছলিচহৰ সমষ্টিৰ সাংসদ ৰামচৰিত্ৰ নিষাদে দেশ সেৱাৰ বাবে এনে লোকক সাংসদ হোৱাৰ দৰকাৰ কি বুলি প্ৰশ্ন উত্থাপন কৰে৷ সাংসদ নিষাদে এনে লোকক সাংসদ নোহোৱাকৈয়ে মানুহৰ সেৱা কৰিব লাগে বুলি কয়৷

ইমানে নহয় সাংসদ নিষাদে আৰু কয় ‘‘বৰুণ গান্ধীক ডাঙৰ, গান্ধীৰ পৰিয়ালৰ মানুহ৷ হয়তো তেওলোকক বেতন-ভাট্টা নালাগে৷

কিন্তু পিছপৰা শ্ৰেণী আৰু দলিত সাংসদক এই সুবিধা লাগিব৷’’ নিষাদে উত্তৰ প্ৰদেশৰ বিধায়কৰ ভাট্টা সৈতে প্ৰায় ২ লাখ টকা লাভ কৰে বুলি উদাহৰণ দিয়ে৷ ২০ লাখ লোকৰ সংসদীয় সমষ্টিত মানুহৰ সুখ-দুখৰ সমভাগি হ’বলৈ পৰ্যাপ্ত নহয় বুলি কয়৷