আগৰতলাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে। সমগ্ৰ দেশৰ সংবাদ মাধ্যমত এতিয়া বিপ্লৱ কুমাৰ দেৱৰ চৰ্চা৷ ত্ৰিপুৰাৰ ২৫ বছৰীয়া বামপন্থীৰ ৰাজত্বক তচনচ কৰা বিপ্লৱ কুমাৰ দেৱ কোন?তাকে লৈ ব্যাপক চৰ্চা অব্যাহত আছে৷

ত্ৰিপুৰাত বিজেপি দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুকুৰবাৰে শপত লয় বিপ্লৱ কুমাৰ দেৱে৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিপ্লৱে৷ বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰে

৷ ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰাইফলছ মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ দেৱক প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যপালে গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা ফলাফল অনুসৰি ৬০ খন আসনৰ ভিতৰত বিজেপি দলে ৩৫খন আসনত বিজয় সাব্যস্ত কৰে৷ সংবাদ মাধ্যমে এই ফলাফলৰ বাবে মুল হোতা বিপ্লৱ কুমাৰ দেৱ বুলি কব খোজে৷ ত্ৰিপুৰাৰ বনমালী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে বিধায়ক ৰূপে৷

#৪৮ বছৰীয়া বিপ্লৱ কুমাৰ দেৱ কোন? তলৰ কথাখিনি পঢ়ক

জন্মঃ বিপ্লৱ দেৱৰ জন্ম হৈছিল ১৯৬৯ চনৰ ২৫ নৱেম্বৰত ত্ৰিপুৰাৰ গোমতী জিলাৰ ৰাজধৰ নগৰ গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালত৷ তেওঁৰ পিতৃ হৰাধন দেৱ জনসংঘৰ স্থানীয় নেতা আছিল৷

শিক্ষাঃ ত্ৰিপুৰাৰ উদয়পুৰ কলেজৰ পৰা বিপ্লৱ দেৱে ১৯৯৯ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ তাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈছিল৷ 

কামঃ বিপ্লৱ দেৱে শৰীৰ চৰ্চা কেন্দ্ৰত নিৰ্দেশকৰ কাম কৰিছিল৷ কিন্তু পাছত দেৱে সেই কাম বাদ দি কয়, জিমত কেৱল শাৰীৰিক ব্যায়ামৰ বাবেহে যোৱা হয়৷ 

আৰএছএছঃ দিল্লীত বিপ্লৱ দেৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হিচাপে জড়িত হৈ ১৬ বছৰ সংঘৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল৷ বিপ্লৱ দেৱে সংঘৰ জেষ্ঠ নেতা গোবিন্দ আচাৰ্য আৰু কৃষ্ণগোপাল শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লৈছিল৷ 
.
নিৰ্বাচনৰ প্ৰচাৰকঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিপ্লৱ দেৱে বেনাৰসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ প্ৰচাৰ চলোৱা মূল হোতা আছিল৷ ইয়াৰ পাছতে বিপ্লৱ দেৱে ত্ৰিপুৰালৈ আহিছিল৷

মোডীৰ আপোনঃ উত্তৰ-পূবৰ লোকৰ ভিতৰত বিপ্লৱ দেৱৰ প্ৰতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টান আছে৷ যাৰ বাবে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই বিপ্লৱ দেৱক দিল্লীৰ পৰা ত্ৰিপুৰালৈ পঠিয়াইছিল ত্ৰিপুৰাত বিজেপি দলৰ হৈ প্ৰচাৰ চলাবৰ বাবে৷  

দলৰ অধ্যক্ষঃ ২০১৬ চনত বিপ্লৱ দেৱক সুধীন্দ্ৰ সিঙৰ ঠাইত ত্ৰিপুৰা বিজেপি দলৰ অধ্যক্ষ দিয়া হৈছিল৷

পৰিয়ালঃ বিপ্লৱ দেৱৰ পত্নী হ’ল ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী৷ বিপ্লৱ দেৱ এগৰাকী কন্যা সন্তানৰ লগতে দুজন পুত্ৰ সন্তানৰ পিতৃ৷ 

দলৰ দায়িত্বঃ ত্ৰিপুৰাৰ বিজেপি দলৰ অধ্যক্ষ পদ গ্ৰহণ কৰাৰ দুবছৰ পাছতেই ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিছিল৷ যাৰ ফলস্বৰূপে ২৫ বছৰে দখল কৰি থকা সিংহাসন উফৰাই পেলাই৷

বাংলাদেশৰ সৈতে কি সম্পৰ্কঃ বিপ্লৱ কুমাৰ দেৰ ককাৰ ঘৰ বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাই গাঁৱত৷ বাংলাদেশৰ আগশাৰীৰ সংবাদ মাধ্যমে কচুৱাৰ মেঘদাই গাঁৱৰ গ্ৰাম্য ইতিহাসৰ কথা উল্লেখ কৰি ‘মাষ্ট্ৰৰ বাড়ি’ৰ কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ নাতি বিপ্লৱ কুমাৰ দেৱ বুলি উল্লেখ কৰিছে৷

কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ চাৰিটা পুত্ৰ হাৰাধন চন্দ্ৰ দেৱ, হিৰুধন চন্দ্ৰ দেৱ, প্ৰাণধন চন্দ্ৰ দেৱ আৰু মধুসূদন দেৱ আছিল৷ কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ দ্বিতীয় পুত্ৰ হিৰুধন চন্দ্ৰ দেৱৰ পুত্ৰ বিপ্লৱ কুমাৰ দেৱ৷ কেৱল বিপ্লৱৰ পিতৃ-মাতৃৰ বাহিৰে তেওলোকৰ পৰিয়ালৰ সকলোৱে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইত সকলোৱে আজিও বাস কৰে৷ তেওৰ খুৰা কবিৰাজ প্ৰাণধন দেৱ আজিও চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইৰ পৰিচিত লোক৷

খুৰাক প্ৰাণধন দেৱ কচুৱাৰ বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদৰ সভাপতি৷ ইমানে নহয় থানা পৰিচালনা সমিতিৰো সভাপতি খুৰাক৷ বিপ্লৱৰ খুৰাক প্ৰাণধন দেৱৰ সমগ্ৰ পৰিয়াল সদৰত বসবাস কৰে৷ আজিও বিজেপি নেতা বিপ্লৱ কুমাৰ দেৱে প্ৰায়ে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাই গাঁৱলৈ আহি থাকে৷ কেৱল নিজেই নহয় পৰিয়ালৰ সদস্য সকলোক লৈ বাংলাদেশলৈ প্ৰায়ে অহা যোৱা কৰে৷

বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ বিজেপিৰ প্ৰতিনিধি দল লৈ বাংলাদেশলৈ নি শাসকীয় দল আৱামী লীগৰ কেন্দ্ৰীয় কাউন্সিলত অংশ লৈছিল বিপ্লৱে৷ হেলিকপ্টাৰেৰে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইলৈ গৈছিল বিপ্লৱে৷ সেই সময়ত কচুৱা প্ৰেছ ক্লাৱে তেওক সম্বৰ্ধনা জনাইছিল৷ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বিপ্লৱৰ পিতৃ-মাতৃ বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল৷ বাংলাদেশ এৰি ত্ৰিপুৰাত অহাৰ কেইটামান মাহৰ পিছত জন্ম হৈছিল বিপ্লৱৰ৷ 
  
উল্লেখ্য যে, বিজেপিয়ে যোৱা নিৰ্বাচনত দুই শতাংশও ভোট পোৱা নাছিল৷ কিন্তু এইবাৰৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়৷ ৬০ খন আসনৰ ভিতৰত বিজেপি দলে ৩৫খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আইপিএফটিয়ে ৮খন আসন লাভ কৰে৷