newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯৩ খন আসনত জয়ী হৈছে। আনহাতে ১১ খন আসনত আগবাঢ়ি আছে বিজেপি ৷ কংগ্ৰেছে এতিয়া লৈ ৬৩ খন আসনত জয়ী হোৱাৰ লগতে ১৫ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ২৮ খন আসনত জয়ী হোৱাৰ লগতে ১০ খন আসনত আগবাঢ়ি আছে৷
পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি অনুমান কৰা হৈছে৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷
পূৰ্বাঅনুমান অনুসৰি জেডিএছে কৰ্ণাটকৰ কিং মেকাৰ হৈ পৰিব৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ কিম্বা বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধানসভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷
প্ৰতিটো দলেই সংখ্যালঘু হ’ব সেয়া খাটাং৷ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে কোনেও৷ জল্পনা-কল্পনা চলি থকাৰ সময়তে ছোনিয়া গান্ধীয়ে এইচ ডি দেৱগৌড়াৰ সৈতে ফোনত কথা পাতে বুলি খবৰ আহিছে৷ জেডিএছক মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ দিছে ছোনিয়াই৷ এই প্ৰস্তাৱ জেডিএছে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ দুয়োটা দলে লগ লাগি চৰকাৰ গঠন কৰিব বুলি খবৰ প্ৰকাশ হৈছে৷