ডিজিটেল ডেস্কঃ আপুনি কল্পনা কৰকচোন, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি নেতাসকলক প্ৰতি দিনে পাঠদান কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি নেতাসকলক একত্ৰিত কৰি যি পাঠ পঢ়ুৱাইছে, তাৰ ভিতৰত আছে- কিদৰে মুখ বন্ধ কৰি ৰাখিব লাগে, কিদৰে বিতৰ্ক এৰাই চলিব লাগে, কথা কিয় কমকৈ ক’ব লাগে ইত্যাদি ইত্যাদি৷ কথাবোৰ ভাবি আপুনি আচৰিত হৈছে নেকি? নিশ্চয় হোৱা নাই৷ বৰ্তমান দেশৰ নেতাসকলৰ মাজত যি পৰিস্থিতি, তাৰ বাবে নেতাসকলৰ প্ৰধানমন্ত্ৰীয়ে এনে এটা পাঠদান কৰাটো নিশ্চয় আপুনিও আৱশ্যক বুলিয়েই ভাবিছে৷ 

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সতে সাক্ষাৎ কৰি তেনে এক পাঠ দান কৰিব বুলিয়েই সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কিছুদিনৰ পৰা কিছুমান অদ্ভূত আৰু বিতৰ্কিত মন্তব্য প্ৰদান কৰি বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ ৰামায়ণৰ যুগতে ইন্টাৰেটৰ ব্যৱহাৰ হোৱা বুলি হাস্যকৰ মন্তব্য প্ৰদান কৰাৰ লগতে বিপ্লৱ দেৱে যুৱকসকলক চৰকাৰী চাকৰিৰ পিছত লাগি নাথাকি পাণ-দোকান দি কৰ্ম সংস্থাপন লাভ কৰিবলৈ দিয়া পৰামৰ্শই দেশত মন্ত্ৰীগৰাকীৰ মূৰ্খতা প্ৰকাশ কৰিছে বুলিয়েই ধাৰণা কৰিব পাৰি৷ তদুপৰি সুখী পৰিয়ালৰ ৰহস্য ফাদিল কৰিও পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ৷

নিজৰ প্ৰতিভাৰ আবেগৰ বশবৰ্তী হৈ আগৰতলাত বিপ্লৱ দেৱে সুখী পৰিয়ালৰ অৰ্থ নিৰূপণ কৰি কয়, ‘এজন ব্যক্তি, যি ভাল গৃহস্থ নহয়, তেওঁ পৰিয়ালটোক সুখত ৰাখিব নোৱাৰে, তেওঁ কেতিয়াও দেশখনত সুখ বিলাব নোৱাৰে, তেওঁ এজন ভাল মুখ্যমন্ত্ৰী হিচাপে পৰিচিত নহয় অথৱা তেওঁ এজন ভাল প্ৰধানমন্ত্ৰীও হ’ব নোৱাৰে৷’ 

যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী গৰাকী খোদ ‘অবিবাহিত’, তেনে ক্ষেত্ৰত বিপ্লৱ দেৱে কৰা মন্তব্যই কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া সহজেই অনুমেয়৷ যদি বিপ্লৱ দেৱৰ এনে মন্তব্যই প্ৰধানমন্ত্ৰীৰ মনত অপমানবোধ জগাই তোলে তেন্তে বিপ্লৱ দেৱৰ ৰাজনৈতিক জীৱন যে সংকটত সেয়া নিশ্চিত৷ বিপ্লৱ দেৱৰ নিচিনা বন্ধু থাকিলে শত্ৰুৰ কি আৱশ্যক? এনে ৰাজনৈতিক নেতাৰ মুখত লেকাম লগোৱা আৰু মৌনতা অৱলম্বনৰ মহত্ব বুজোৱাতো প্ৰধানমন্ত্ৰীৰ বাবে যেন এক অতি জৰুৰী কৰ্তব্যহে হৈ পৰিছে৷

আনহাতে প্ৰতি পুৱাই যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে টোপনিৰ পৰা সাৰ পায়, তেওঁ নিশ্চয় এয়াই চিন্তা কৰে যে আজি কোনজন নেতাই মুখ খুলি বিতৰ্কৰ সৃষ্টি কৰিব৷ উদাহৰণ স্বৰূপে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কিছুদিন পূৰ্বে গুগলৰ চাৰ্চ ইঞ্জিনক নাৰদ মুনিৰ সৈতে তুলনা কৰি বিতৰ্কৰ সৃষ্টি কৰি প্ৰধানমন্ত্ৰীক বিপাঙত পেলোৱাৰ কথা কব পাৰি৷

যোৱা সপ্তাহত যিদৰে বিপ্লৱ দেৱে ‘বিতৰ্ক নায়ক’ৰ বিভূষণ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল, থিক তেনেদৰে এই সপ্তাহত ‘বিতৰ্ক নায়ক’ৰ বিভূষণৰ বাবে দৌৰ লগাইছে জন্মু কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী কবিন্দৰ গুপ্তাই৷ জন্মুৰ গণধৰ্ষণ কাণ্ড তেনেই সৰু ঘটনা বুলি মন্তব্য কৰি কবিন্দৰ গুপ্তাই বিতৰ্কৰ সৃষ্টি কৰিছিল৷ উল্লেখ্য যে জন্মুৰ উপ-মুখ্যমন্ত্ৰী কবিন্দৰ গুপ্তাই জন্মুৰ গণ ধৰ্ষণ কাণ্ডক সৰু ঘটনা বুলি উল্লেখ কৰি তাৰ বাবে ইমান হাল্লা কৰাৰ প্ৰয়োজন নাই বুলিছিল৷ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতেই এনে এক মন্তব্য পোষণ কৰাত দেশজুৰি কবিন্দৰ গুপ্তাৰ মন্ত্বব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল৷  

আচলতে এনে বিতৰ্কিত নেতাসকলৰ বিচাৰ প্ৰক্ৰিয়া কেনেধৰণৰ? এনে নেতাসকলে নভৱা নিচিন্তাকৈয়ে কথা কয় নেকি? নে তেওঁলোকে কাৰোবাৰ পৰা ভুল উপদেশ লাভ কৰে? নে তেওঁলোক ইমানেই অজ্ঞানী যে নিজে প্ৰয়োগ কৰা ভুল শব্দবোৰেই তেওঁলোকৰ মনত উচিত আৰু ভাল শব্দ হৈ পৰে? নেতাসকলৰ এনে যুক্তিহীন মন্তব্যই সমাজত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে৷ সমাজৰ বৌদ্ধিক স্তৰত এনে নেতাইয়ো কু-প্ৰভাৱ পেলাব পাৰে৷ যি সম্ভাৱনাৰ কথা চিন্তা কৰি এসপ্তাহ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাসকলৰ মুখ বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু প্ৰধানমন্ত্ৰীৰ এনে নিৰ্দেশৰ পিছতো বহুকেইজন নেতাই মূল্যহীন মন্তব্য প্ৰদানেৰে হাঁহিয়াতৰ পাত্ৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ 

ইফালে বুধবাৰে প্ৰধানমন্ত্ৰীয়ে দিল্লীলৈ মাতি পঠোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ লগত এনেবোৰ কথাই আলোচনা কৰিব বুলি সন্দেহ কৰা হৈছে৷ বিজেপি নেতাসকলৰ এনে চিন্তাহীন মন্তব্যই কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বুলিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিজেপিৰ বিতৰ্কিত নেতাসকলক লৈ কম-বেছি পৰিমাণে সতৰ্ক হৈ পৰা পৰিলক্ষিত হৈছে৷