ডিজিটেল ডেস্কঃ গুজৰাটৰ লগে লগে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাটো খাতাং হৈ পৰিছে৷ ৬৮ বিধান সভা সমষ্টিৰ হিমাচল বিধান সভা নিবাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমাবাৰে পুৱাৰে পৰা ভোট গণনা আৰম্ভ হয়৷

প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰায় ৪০টা সমষ্টিত বিজেপিয়ে আগবাঢ়ি আছে৷ দেশবাসীৰ চকু যদিও গুজৰাটৰ দিশে যদিও হিমাচল প্ৰদেশৰ খবৰ নোলোৱাকৈও থকা নাই৷

বিভিন্ন সমীক্ষাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কোৱা হৈছিল৷ পূৰ্বে অনুমান কৰা অনুসৰি হিমাচল প্ৰদেশত ৪২টা সমষ্টিত বিজেপি আগবাঢ়ি আছে৷ আনহাতে ২৪টা সমষ্টিত কংগ্ৰেছে আগবাঢ়ি আছে৷