anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজপথলৈ ওলাই আহি বিজেপিৰ কৰ্মীয়ে পালন কৰিছে আবতৰীয়া হোলী৷ কংগ্ৰেছমুক্ত ভাৰত গঢ়াৰ সংকল্পেৰে মোডীয়ে আৰম্ভ কৰা বিজয়ৰ জয় যাত্ৰা আজিও অব্যাহত আছে৷ ২০১৪ চনৰ পৰা ভাৰতত বলি থকা মোডী বতাহ বৰ্তমানেও অব্যাহত আছে৷

মোডীৰ বতাহজাকে পুনৰ এবাৰ কৰ্ণাটকৰ বুকুৰ পৰা কংগ্ৰেছৰ ধ্বজা খহাই মাটিত পেলোৱা পৰিলক্ষিত হৈছে৷ কৰ্ণাটক নিৰ্বাচনত বিজেপিৰ অগ্ৰগতিত উৎফুল্লিত হৈ দলৰ নেতা-কৰ্মী আৰু সমৰ্থকসকলে ভোট গণনা আৰম্ভ কৰাৰ পিছৰে পৰা ৰং উল্লাসত মগন হৈ পৰা পৰিলক্ষিত হৈছে৷ 

ইজনে সিজনৰ গালত ফাকু সানি বিজয় উৎসৱ আৰু শুভেচ্ছা প্ৰদান কৰি ৰাজ্যখনত আবতৰীয়া হোলী নমাই অনা পৰিলক্ষিত হৈছে৷ কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে বিজেপি ৪৮ খন আসনত জয়ী হৈছে আনাহতে ৫৭ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ২৩ খন আসনত জয়ী হোৱাৰ লগতে ৫৩ খন আসনত আগবাঢ়ি আছে৷ জেডিএছ ১১ খনত জয়ী হোৱাৰ লগতে ২৮ খন আসনত আগবাঢ়ি আছে৷ 

মুহূৰ্তে মুহূৰ্তে সলনি হৈছে কৰ্ণাটক ৰাজনৈতিক পৰিবেশ৷ কংগ্ৰেছে পুনৰ চৰকাৰলৈ আহিব নোৱাৰে সেয়া খাতাং হৈ পৰিছে কিন্তু কম আসন লাভ কৰিলেও জেডিএছ কিং মেকাৰ হ’ব সেয়া খাতাং৷ বিজেপি সংখ্যাগৰিষ্ঠতা লাভ নকৰিব পাৰে বুলি অনুমান কৰা হৈছে৷ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে জিডিএছ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব৷

জেডিএছে ১১ খনত জয়ী হোৱাৰ লগতে ২৮ খন আসনত আগবাঢ়ি আছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে আগবাঢ়িছে বিজেপি৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷