![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/sg_0.jpg?itok=xd7s8qDn)
কাৰ্বি আংলঃ বোকাজানত সীমা গগৈ সোঁৱৰণী পুৰুষৰ দ্বৈত প্ৰথম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হয়। বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত আৰু বোকাজান মহাবিদ্যালয়ৰ সহযোগত বোকাজান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আৰম্ভনিতে অতিথি চিনাকী পৰ্বৰ লগতে ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰয়াত সীমা গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় ৷
খেলখনৰ শুভ উদ্ধোধনৰ লগতে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ অধ্যক্ষ অনিল চন্দ্ৰ দাস আৰু পৰিয়ালবৰ্গৰ হৈ স্বামী জিন্টু গগৈয়ে ৷ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক দিবা-নৈশ পুৰুষৰ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাখনি অহা ১০ জানুৱাৰীত অন্ত পৰিব ৷ প্ৰতিযোগিতাখনিত বোকাজান মহকুমাৰ বহু প্ৰতিযোগী দলে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি বোকাজান স্পৰ্টচ ক্লাৱৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে ৷