ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ সংঘটিত হ’ল সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ৷ শুকুৰবাৰে কেইটামান ঘন্টাৰ ভিতৰতে দুটাকৈ পৃথক আক্ৰমণৰ ঘটনাত ৬৩গৰাকী লোকৰ মৃত্যু হয় আফগানিস্তানত৷ আল জাজিৰা নিউজ চেনেলৰ মতে শুকুৰবাৰে জুম্মাৰ নামাজৰ সময়তে মছজিদত প্ৰবেশ কৰি সন্ত্ৰাসবাদীয়ে জধে-মধে গুলীচালনা কৰে৷ ৰাজধানী কাবুলৰ মছজিদত সংঘটিত এই ঘটনাত ৩০গৰাকী লোক নিহত হয়৷
আহত হয় প্ৰায় ৪৫গৰাকী লোক৷ কাবুল আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া মোহম্মদ চেলিমে জনোৱা মতে, নামাজ পঢ়ি থকাৰ সময়তে গুলী চলাই সন্ত্ৰাসবাদীয়ে৷ গুলীচলাই মানুহক হত্যা কৰি সন্ত্ৰাবাদীয়ে বোমা বিস্ফোৰণ কৰি নিজেও আত্মাহত্যা কৰে বুলি কয় চেলিমে৷ কাবুলৰ দষ্টিৰ ইমাম জামান মছজিদত সংঘটিত হয় এই ঘটনা৷ আৰক্ষীয়ে মছজিদৰ পৰা ৩০টা মৃতদেহ উদ্ধাৰ কৰে৷
মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰে প্ৰশাসনে৷ আক্ৰমণত নিহতসকল ছিয়া সম্প্ৰদায়ৰ৷ আনহাতে শুকুৰবাৰে দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ঘোৰ প্ৰদেশৰ এটি মছজিদত৷ বিস্ফোৰণত কম পক্ষেও ৩৩গৰাকী লোকৰ মৃত্যু হয়৷ এগৰাকী জমিয়ত নামৰ দলৰ নেতাক লক্ষ্য কৰি সংঘটিত কৰিছিল এই ঘটনা৷ আব্দুল আহেদ নামৰ নেতাগৰাকীৰ ৭গৰাকী দেহৰক্ষী নিহত হয়৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ঘটনাক নিন্দা কৰি আক্ৰমণত নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সন্ত্ৰাসবাদীক সফল হ’ব নিদিয়াৰ কথাও উল্লখ কৰে ঘানিয়ে৷