25
Jul
2017

ডিজিটেল ডেস্কঃ মুম্বাই মহানগৰীত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ এই ঘটনাত অতি কমেও ৮জনকৈ লোক নিহত হয়।
প্ৰাপ্ত বাতৰি মতে, এটি চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত লোককেইজনে কৰুণ মৃত্যুক সাবতি লয়। ঘটনাটোত আহত হয় কেইবাজনো লোক৷ মহানগৰীখনৰ পশ্চিম ঘাটকোপাৰত সংঘটিত হয় এই ঘটনা৷
অট্টালিকাটোৰ ভিতৰত বহু লোক আৱদ্ধ হৈ আছে বুলি সদৰী কৰিছে মুম্বাইৰ মুখ্য অগ্নিনিৰ্বাপক বিষয়া প্ৰভাত ৰাংডালে৷ বিষয়াজনে প্ৰকাশ কৰা তথ্য অনুসৰি কুৰি জনতকৈও অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে৷
অট্টালিকাটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে