ডিজিটেল ডেস্কঃ ভাৰতৰ মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে সাতটা দলে অনা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে৷ সোমবাৰে ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুয়ে কেইবাজনো আইন আৰু সংবিধান বিশেষজ্ঞৰ সৈতে আলোচনা কৰি দীপক মিশ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰে৷
উল্লেখ্য যে, অমানবীয় আচৰণ আৰু পদৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে কংগ্ৰেছ সহ আন ৬টা দলে মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিছিল৷ কিন্তু ভেংকায়া নাইডুয়ে সেয়া খাৰিজ কৰি কংগ্ৰেছ সহ আন দলসমূহক সেউজীয়া সংকেত প্ৰদান কৰাৰ পৰা বিৰত থাকে৷
মহাভিযোগৰ প্ৰস্তাৱনামাত কংগ্ৰেছ, ৰাকাম্পা, মাকপা, ভাকপা, এছপি, বিএছপি আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ ৭১ গৰাকী সদস্যই হস্তাক্ষৰ কৰিছিল৷ তেওঁলোকে অভিযোগ কৰিছিল যে ভাৰতৰ মূখ্য ন্যায়ধীশ গৰাকীয়ে নিজৰ পদৰ ভুল ব্যৱহাৰ কৰাৰ লগতে তেওঁৰ ব্যৱহাৰিক আচৰণ খুবেই বেয়া৷
ইফালে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে মহাভিযোগ প্ৰস্তাৱ খাৰিছ কৰাৰ পিছতেই ভেংকায়া নাইডুৰ বিৰুদ্ধে ক্ষোভত জ্বলি উঠিছে প্ৰস্তাৱ দাখিলকাৰী দলসমূহ৷ উপ-ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতাই কৈছে যে যদি ৰাজ্যসভাৰ সভাপতিয়ে এই প্ৰস্তাৱ খাৰিছ কৰে, তেন্তে তেওঁলোক এই প্ৰস্তাৱ লৈ উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হ’বলৈ সাজু আছে৷
আনহাতে মহাভিযোগ প্ৰস্তাৱত হস্তাক্ষৰ কৰা এগৰাকী জ্যেষ্ঠ নেতাই কৈছে, ‘‘ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে প্ৰদান কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাব পাৰি৷ এই সিদ্ধান্তৰ ন্যায়িক সমীক্ষা নিশ্চয়কৈ হোৱাটো প্ৰয়োজন৷’’