গুৱাহাটীঃ মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলত খোপনি পোতাৰ লক্ষ্যৰে মোডী চৰকাৰৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ দুটাকৈ কাৰ্যালয় উদ্ধোধন কৰে উত্তৰ-পূৱৰ দুৱাৰ মূখ গুৱাহাটী মহানগৰীত৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অব্যাহত থকাৰ সময়তে দেশৰ দলিত ৰাজনীতিৰ হোতা ৰামদাস আঠৱালে মঙলবাৰে অসমলৈ আহি দুটাকৈ কাৰ্যালয় উদ্ধোধন কৰা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হ’ব সেয়া স্পষ্ট হৈ পৰে৷

বহু বিতৰ্কিত ৰামদাস আঠৱালেয়ে মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ প্ৰচাৰে উত্তৰ-পূৰ্বাঞ্চলক উত্তপ্ত কৰি ৰখাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰাম দাস আঠৱালেয়ে দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকক লৈ ৰাজনীতি কৰি আহিছে আৰু অসমতো দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকক লৈ ৰাজনীতি কৰিব সেই কথা স্পষ্ট হৈ পৰিছে৷ পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ সময়তে ৰাম দাস আঠৱালে অসমলৈ আহি সদম্ভে ঘোষণা কৰি গ’ল পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা৷ মঙলবাৰে পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা একাংশ লোকে আদৰি আনে নেতাগৰাকীক৷

ইয়াৰ পিছতেই মহানগৰীৰ বৰাগাঁৱত ৰাজ্যিক কাৰ্যালয় উদ্ধোধন কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয় উদ্ধোধন কৰে মহানগৰীৰ পাঞ্জাবাৰীত৷ কেইবাশতাধিক লোকৰ উপস্থিতিত আঠৱালেয়ে বেকলগ পদসমূহ পুৰণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনায়।

কংগ্ৰেছৰ চৰকাৰৰ দিনৰ পৰা বন্ধ হৈ থকা কনিষ্টবল নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়৷ আনহাতে ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে ৰাজ্যৰ কেইবাটাও গুৰুতৰ সমস্যাৰ কথা উল্লেখ কৰে৷ নগাঁও, মৰিগাঁও, বৰপেটা আদি জিলাত ৩০ হাজাৰ আঠুৱা, কম্বল বিতৰণ কৰিব বুলি ঘোষণা কৰে আঠৱালে৷

অন্যহাতে আৰপিআৰ(এ)ৰ সংখ্যালঘু কোষ, অসমৰ চছিয়েল মিডিয়াৰ দায়িত্বত থকা তনবীৰ হকে সৰু দলবোৰ ভাল বুলি কৈ নতুন নেতাৰ বাবে অসুবিধা নাথাকে বুলি কয়৷ প্ৰাক্তন বিধায়ক আফাজুদ্দিন আহমেদৰ নাতি তথা একালৰ কংগ্ৰেছী পৰিয়ালৰ সন্তান তনবীৰ হকে কংগ্ৰেছ আৰু AIUDF-য়ে অসমৰ যুৱকক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷

জানিব পৰা মতে, ৰাম দাস আঠৱালেৰ দলে অহা পঞ্চায়ত নিৰ্বাচনত কেইবাখনো জিলাত প্ৰাৰ্থী থিয় কৰাব৷ ইমানে নহয়, ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনতো প্ৰাৰ্থী থিয় কৰাব অসমত, সেয়া স্পষ্ট হৈ পৰিছে৷